DurgaPuja : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শাৰদীয় দুর্গোৎসৱৰ মহাসপ্তমীৰ দেওবাৰে দ্বিতীয় দিনাও ৰাজ্যজুৰি বিশেষকৈ মহানগৰীত অভূতপূর্ব জনসমাগম পৰিলক্ষিত হয়। শাৰদী ৰাণীয়ে ধৰাৰ বুকুলৈ নমাই অনা এই দুর্গোৎসৱৰ আনন্দৰ পৰিৱেশৰ মাজত মূল্যবৃদ্ধিকে ধৰি বিভিন্ন সমস্যাই জুৰুলা কৰা সাধাৰণ জনতাই ক্ষণিকৰ বাবে সকলো পাহৰি পূজাৰ মাদকতাত বুৰ যাবলৈ বিচাৰিছে। বিগত তিনিদিন পূজা মণ্ডপত ৰাইজৰ বৃহৎ সমাবেশে ঘটিছে। আজি বতৰ অনুকূল হ’লে অষ্টমীৰ দিনা অধিক ভক্ত-দর্শনার্থীক আদৰিবলৈ সাজু হোৱাৰ বাৰ্তা দিছে বিভিন্ন পূজা আয়োজক কমিটীয়ে।
উল্লেখ্য যে ,বেষ্ট কেম্প কালীবাৰী পূজা কমিটীৰ সভাপতি বিদ্যুৎ সিনহাৰ লগতে সাধাৰণ সম্পাদক অমিত বয়ে কয়, ‘আমাৰ এই পূজাৰ ৭৮ বছৰ হৈছে। প্রতিবাৰেই বৃহৎসংখ্যক লোকৰ সমাগম হয়। এইবাৰ বহু বেছি মানুহ হৈছে। বিগত বৰ্ষত প্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে আমি পূজাখনৰ মাত্ৰ আনুষ্ঠানিকতাহে ৰক্ষা কৰিছো।’
তেওঁ কয় যে পুৱাৰে পৰা ভিৰ আৰম্ভ হয় আৰু ই পাছদিনাখন পুৱালৈ অব্যাহত থাকে। তেওঁ কয়, ‘কেৱল গুৱাহাটীৰে নহয়, সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰে মানুহ আমাৰ এই পূজা চাবলৈ আহে। আনকি পশ্চিমবংগৰ পৰাও আহিছে। কালীবাৰী ৰেষ্ট কেম্পৰ পূজা এতিয়া অসমৰ এটা ব্ৰেণ্ড হৈ পৰিছে। একো একোজন দর্শনার্থীয়ে আমাৰ এই পূজাত তিনি-চাৰিঘণ্টা কটায়। আমাৰ পূজাত লগতে প্রতিদিনেই সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি মেলাৰ আয়োজন কৰা হৈছে। আন বিভিন্ন বিনোদনৰ কাৰ্যসূচীও আছে। সাতৰ পৰা ১০ দিন এইবোৰ চলি থাকে। সেয়েহে মানুহে একেলগে সকলোখিনি পায়। আমাৰ পূৰ্বপুৰুষে এই পূজা আমাক দি গৈছে। আমি মথোঁ সেই পথতে আগবঢ়াই লৈ গৈছো পূজাখন।’
শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ প্রতিজনে এই পূজাত আনন্দ উপভোগ কৰিছে। পূজা চাবলৈ অহা স্থানীয় এজন বয়োজ্যেষ্ঠ লোকে কয় যে গুৱাহাটীত পূজাত মানুহৰ ভিৰ বৃদ্ধি পোৱাৰ এটা অন্যতম কাৰণ হৈছে যে ইয়াৰ জনসংখ্যাও বাঢ়িছে। তেওঁ কয়, ‘আগতে একঠা মাটিত এটা পৰিয়ালৰ ঘৰ আছিল; কিন্তু এতিয়া সেই ঠাইত ফ্লেট নিৰ্মাণ কৰা হৈছে আৰু একেখিনি মাটিকালিতে বহু পৰিয়াল থাকে। এইদৰে বৰ্ধিত জনসংখ্যাৰ বাবেও ভিৰ বাঢ়িছে। তদুপৰি পূজা মণ্ডপৰ জাকজমকতাও দিনে দিনে বৃদ্ধি পাইছে। বিভিন্ন সমস্যাৰে জুৰুলা মহানগৰীয়া জীৱনত দুর্গা পূজাই আজিৰ দিনত এনে এক পৰিৱেশ আনি দিয়ে য’ত বিলিন হৈ মানুহে সাময়িকভারে হ’লেও দুখ-বেদনা পাহৰি যায়।’
ৰেষ্ট কেম্পৰ পূজাৰ আয়োজকসকলৰ মতে, ষষ্ঠীৰ পৰাই হোৱা ভিৰ কালি বহু বাঢ়িছে আৰু অহা দুদিনত তুংগত উঠিব। তেওঁলোকে দাবী কৰে যে এদিনতে আঢ়ৈ-তিনিলাখ ভক্তৰ পদধূলি পৰে পূজা মণ্ডপত।
ইপিনে, বৃহত্তৰ কাহিলিপাৰাৰ সাৰ্বজনীন দুর্গা পূজা সমিতিৰ কাৰ্যকর্তা বিশ্বজিৎ ডেকাই কয় যে আজি পুৱা পর্যন্ত মানুহৰ ভিৰ কমা নাছিল। অষ্টমীৰ দিনাও ইয়াতকৈ বেছি মানুহ হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। একেদৰে ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰৰ পূজাতো পুৱতি নিশালৈ মানুহৰ ভিৰ আছে। ঢাক-ঢোল, শংখধ্বনি, ধূপ-ধূনাৰ গোন্ধই এক হৃদয় মন পুলকিত কৰা পৰিৱেশত বিভিন্নজনে এইকেইদিন জীৱিকাৰ সন্ধানো এই পূজা মণ্ডপতে বিচাৰি পাইছে। ৰেষ্ট কেম্পৰ অস্থায়ী এজন দোকানীয়ে কয়, ‘মই বহু বছৰ ধৰি ৰেষ্ট কেম্পৰ এই পূজাত দোকান দিওঁ। প্রতি বছৰেই এই দিনবোৰলৈ অপেক্ষা কৰি থাকো।’ মনোহাৰী সামগ্রী বিক্ৰী কৰা এজন যুৱকে কয়, ‘মোৰ কোনো স্থায়ী দোকান নাই। এইদৰে পূজা-মেলাত দোকান দিয়ে জীৱিকা নিৰ্বাহ কৰো। বিভিন্ন মেলাত মোক দেখিব। বিসৰ্জনৰ দিনা মনটো বিষাদে আৱৰি ধৰে। কিয়নো এটা বছৰ অপেক্ষা কৰিব লাগে জীৱিকাৰ এনে দিনৰ বাবে।’
মন কৰিবলগীয়া যে বিগ বাজেটৰ পূজাসমূহত যথেষ্টসংখ্যক ব্যক্তিগত এজেন্সীৰ ছিকিউৰিটি গাৰ্ডৰ ব্যৱস্থা কৰা হৈছে। এনে এজন ছিকিউবিটি গাৰ্ডৰ নিৰীক্ষকে কয় যে পূজাই মহানগৰীত তেওঁলোকৰ দৰে এজেন্সীৰ বাবেও জীৱিকাৰ বাট কিছু পৰিমাণে মুকলি কৰিছে।
বহুজনেই নিশা ১২ বজাৰ পাছত পূজাস্থলীসমূহলৈ বুলি ঘৰৰ পৰা ওলায়। এনে এগৰাকী দর্শনার্থীয়ে কয়, ‘আমি সন্ধিয়াৰ পৰা শুলো। এতিয়া ভাত-পানী খাই ১২ বজাত ঘৰৰ পৰা ওলাইছো। সন্ধিয়া ভিৰত কেইঘণ্টা আবদ্ধ হ’ব লাগে ক’ব নোৱাৰি। সেয়েহে আমি পৰিয়ালটো নিশা এইদৰে ওলাও আৰু ৰাতিপুৱালৈ পূজা চাওঁ।’




























