দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত দুই অভিযুক্তই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছতে এই সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱাৰ প্ৰস্তুতি চলাইছে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে (এছআইটি)।
অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব তদন্তকাৰী দলটো।
এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা সদৰী কৰিছে।
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ শুনানি ফাষ্টট্ৰেক আদালতত অব্যাহত আছে। এনে পৰিস্থিতিত দুই অভিযুক্তৰ জামিনৰ সিদ্ধান্তক লৈ এছআইটিয়ে উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



























