NagaonEviction: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আজি কাতি বিহুৰ দিনাই কান্দোনৰ ৰোল উঠিল নগাঁৱৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমি বেদখলকাৰী পাঁচ শতাধিক পৰিয়ালত। পূর্ব ঘোষিত অনুসৰি কালি বন বিভাগ আৰু জিলা প্রশাসনে সংৰক্ষিত বনাঞ্চলখনৰ কান্দাপাৰা, চানখোলা, খেৰণি, পদুমনি, জুবিপাৰ আৰু মাটিখোলাত কালি পুৱাৰ পৰা উচ্ছেদ অভিযান চলায়।
দুই সহস্রাধিক নিৰাপত্তাৰক্ষীৰে পৰিবেষ্টিত হৈ প্রশাসনৰ বাহিনীয়ে ৮০খন বুলড’জাৰৰে বেদখলকাৰীৰ ঘৰসমূহ ভাঙি চুৰমাৰ কৰে। এনেদৰে মুঠতে বেদখলকাৰীসকলৰ ১৪শ বাসগৃহ উচ্ছেদকাৰীয়ে ভাঙি পেলায়। কেৱল বাসগৃহয়েই নহয়, মছজিদ আৰু মাদ্ৰাছাও উচ্ছেদ কৰে। আনকি বেদখলকাৰীসকলে কৰা বিভিন্ন খাদ্য শস্যৰ খেতিও উৎখাত কৰে।
একেদৰে কাটি পেলোৱা হয় ফলমূল, তামোল-পাণ আদি গছো। স্বাভাৱিকতে ইয়াক লৈ কান্দোনত ভাগি পৰিছে উচ্ছেদিতসকল। আনহাতে, একাংশ উচ্ছেদিতই দাবী কৰা অনুসৰি, তেওঁলোকে অঞ্চলটোত বিগত ২০-৩০ বছৰ ধৰি বাস কৰি আহিছে।
ইয়াৰ পূৰ্বে শনিবাৰে নগাঁও বন সংমণ্ডলৰ কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলৰ ধনশিলা ১০ নম্বৰ বার্ড আৰু ধনশিলা ইছলামপুৰত প্ৰশাসন আৰু বন বিভাগে আন এক বৃহৎ উচ্ছেদ অভিযান চলায়। ইয়াৰ দ্বাৰা বেদখলকাৰী ৩৩৬টা পৰিয়ালৰ কেঁচা আৰু পকী মুঠ ৫৬০টা ঘৰ বুলড’জাৰৰে ভাঙি ২০৬ হেক্টৰৰো অধিক বনাঞ্চলৰ ভূমি উদ্ধাৰ কৰা হয়। শণিবাৰৰ দৰে দেওবাৰেও উচ্ছেদ অভিযান শান্তিপূর্ণভাবে সম্পন্ন হয়।
ইপিনে, অভিযোগ অনুসৰি এই বেদখলকাৰী পৰিয়ালসমূহক আভুৱা ভাঁৰি একাংশ দালালে উচ্ছেদ অভিযানৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ তৰাৰ আশ্বাস দি লাখ লাখ টকা সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে। এই দালালসকলৰ প্রলোভনত ভোল যোৱা বাবেই কালি কাতি বিহুৰ দিনটোতে উচ্ছেদৰ সন্মুখীন হ’বলগীয়া হয় পাঁচ শতাধিক পৰিয়ালে।
উচ্ছেদিতসকল ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা আহি বনাঞ্চলৰ ভূমি বেদখল কৰি তাত বাস কৰি আছিল বুলি সূত্রই জনায়।
মুছলমানক লক্ষ্য কৰি উচ্ছেদ অভিযানৰ অভিযোগ কংগ্ৰেছৰ
শনিবাৰে পৰা হোজাই আৰু নগাঁৱত বন ভূমিত চলি থকা উচ্ছেদ অভিযান মুছলমানক লক্ষ্য কৰি বিজেপি নেতৃত্বাধীন চৰকাৰে চলাইছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে। শনিবাৰে কামপুৰৰ উচ্ছেদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ পাছত কালি লুটুমাৰীৰ উচ্ছেদস্থলীত পদার্পণ কৰে বিধানসভাৰ বিৰোধী দলপতি বাজেদ আলী চৌধুৰী, প্রাক্তন মন্ত্রী ৰিপুন বৰা আৰু কংগ্ৰেছ বিধায়ক নুৰুল হুদাই। পাছত প্রাক্তন মন্ত্ৰী বৰাই ক্ষোভৰে কয়, ‘উচ্ছেদ অভিযানৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নীতি-নির্দেশনা চৰকাৰে মানি চলা নাই। নিজ দেশৰ নাগৰিককে বিদেশী ৰাষ্ট্ৰৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰা হৈছে।’
একেদৰে বিৰোধী দলপতি চৌধুৰীয়ে কয়, ‘এই উচ্ছেদ অভিযানত বহু লোক ক্ষতিগ্রস্ত হোৱাৰ পাছতো বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমলে উচ্ছেদিতসকলৰ কাষত থিয় দিয়া নাই।’ আনহাতে, ধনশিলা ইছলামপুৰত সদলবলে বিৰোধী দলপতিৰ নেতৃত্বত কংগ্ৰেছৰ এটা দল উপস্থিত হোৱাত আৰক্ষীয়ে বাধা দিয়ে। ইয়াক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আনকি দুয়োপক্ষৰ মাজত হতাহতিও লাগে। তেতিয়া চৌধুৰীৰ স’তে থকাসকলে ‘বিজেপিৰ স্বৈৰাচাৰী শাসন নচলিব’, ‘হিমন্ত বিশ্ব শর্মা মুর্দাবাদ’, ‘ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা নচলিব’, ‘উচ্ছেদিতসকলক পুনৰ সংস্থাপন দিবই লাগিব’ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰে। আনহাতে, কংগ্রেছ বিধায়ক হুদাই হুংকাৰ দিয়ে যে ধৰ্মৰ ভিত্তিত চলোৱা উচ্ছেদ অভিযান গ্রহণযোগ্য নহয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সম্প্রতি ‘ঘৃণনীয় ৰাজনৈতিক পাশা খেল’ আৰম্ভ কৰা বুলিও তেওঁ অভিযোগ উত্থাপন কৰে।
অনাহাৰে-অনিদ্ৰাৰে সময় অতিবাহিত কৰিছে উচ্ছেদিতই
শনিবাৰে উদমাৰীত উচ্ছেদ অভিযান চলাৰ পাছত সর্বস্বান্ত হোৱা পৰিয়ালসমূহৰ বহুতে নিশা অনাহাৰে-অনিদ্রাৰে পাৰ কৰে। এই পৰিয়ালসমূহে উচ্ছেদস্থলীত গছৰ তলত আশ্ৰয় লৈ আছিল। আজি পুৱাই আৰক্ষীয়ে হাতে হাতে লাঠি লৈ ‘ইয়াত থাকিব নোৱাৰিবি’ বুলি কৈ উচ্ছেদিতসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে।
৫৩ বছৰে বসবাস কৰি আছিল উচ্ছেদিতসকল: আমছু
শনিবাৰে আৰু আজিৰ উচ্ছেদ অভিযানক অমানবীয় আখ্যা দিছে আমছুবে। সংগঠনটোৱে কয়, ‘১৯৭৪তে লুটুমাৰীত ভূমিহীন পৰিয়ালসমূহক নগাঁৱৰ বন বিভাগে চাৰি বিঘা আৰু কোনো কোনো পৰিয়ালক ছবিঘাকৈ মাটি আবণ্টন দিছিল। প্ৰতিটো পৰিয়ালৰ এজনকৈ লোকে বহু বছৰ বনাঞ্চলত বিনামূলীয়াকৈ শ্রমদান কৰিছিল। চৰকাৰেও তেতিয়াৰে পৰা এই লোকসকলৰ বাবে পকী পথ নির্মাণ, বিজুলী সেবা যোগান, খোৱাপানী যোগান, আইএৱাই ঘৰ আদি প্ৰদান কৰিছিল।’ গতিকে এই লোকসকলৰ বহুতে আটকধুনীয়াকৈ ঘৰো নিৰ্মাণ কৰি লয়। কিন্তু অঞ্চলটোত থিতাপি লোৱাৰ ৫৩ বছৰ পাছত চৰকাৰে উচ্ছেদ অভিযান চলালে বুলি সংগঠনটোৱে ক্ষোভ প্রকাশ কৰিছে। আমছুৱে লগতে প্রকাশ কৰা অনুসৰি, লংজাপ পূৱ পদুমনি প্রাথমিক বিদ্যালয়, খেৰণি প্রাথমিক বিদ্যালয় আৰু পদুমনি প্রাথমিক বিদ্যালয়কে আদি কৰি বহু অংগনৱাড়ী কেন্দ্ৰৰো অনুমোদন দিছিল চৰকাৰে। এনে স্থলত নিশা বন বিভাগে মাইকযোগে উচ্ছেদৰ কথা ঘোষণা কৰি ১০ ঘণ্টা পাৰ নৌহওঁতে উচ্ছেদ অভিযান চলালে বুলি উল্লেখ কৰি সংগঠনটোৱে এই কাৰ্যক মানৱতাৰ পৰিপন্থী বুলি আখ্যা দিছে।




























