Horoscope:✒️মেষ: ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। নিবনুৱাৰ কৰ্মপ্ৰাপ্তি হ’ব পাৰে। প্ৰেমত সুখ। শুভ ৰং কমলা।
বৃষ: উচ্চ পদস্থ বিষয়াৰ লগত সু-সম্পর্ক বজাই ৰাখিব। আয়ৰ ক্ষেত্ৰ অনুকূল। পাৰিবাৰিক অশান্তি। বিদ্যাত শুভ। শুভ ৰং ৰঙা।
মিথুন: সন্তানৰ উন্নতিয়ে মনত আনন্দ দিব। ভ্রমণ হ’ব পাৰে। কোনো সংবাদ সংযোগত চিন্তিত হ’ব। বন্ধুবৰ্গৰ দ্বাৰা ক্ষতি হ’ব পাৰে শুভ ৰং হালধীয়া।
কর্কট: কন্যা সন্তানক লৈ চিন্তিত হ’ব। ফুৰা-চকাত সতর্ক হ’ব। উৎসাহজনক খবৰে আনন্দিত কৰিব। প্ৰেমত বাধা। শুভ ৰং নীলা।
সিংহ: কৰ্মসূত্ৰত ভ্ৰমণৰ যোগ আছে। শিল্পীসকলৰ প্ৰাপ্য সম্মান লাভত আনন্দ। আর্থিক ব্যয় বৃদ্ধি পাব। প্রেমত আনন্দ। শুভ ৰং সেউজীয়া।
কন্যা: আর্থিক অসুবিধা হ’ব পাৰে। বন্ধুবৰ্গৰ দ্বাৰা উপকৃত হ’ব। সন্তানৰ সুকীর্তী দেখা যায়। প্ৰেমত বাধা। শুভ ৰং মেৰুণ।
তুলা: যোগ্য ব্যক্তিৰ মান-সম্মান প্রাপ্তিৰ মৃদু আভাস। কর্মক্ষেত্ৰত কিছু অগ্রগতি লাভ কৰাৰ চেষ্টা কৰক। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং কমলা।
বৃশ্চিক: কিছুমান দিশত অস্থিৰতা অনুভৱ কৰিব। সন্তানৰ পৰা সুখ। ভ্ৰমণত সাৱধান হোৱা উচিত। উৎকণ্ঠা বাঢ়িব। বিদ্যাত মধ্যম। শুভ ৰং বগা।
ধনু: আপোনাৰ কৰ্মদক্ষতাৰ বাবে আনে প্রশংসা কৰিব। আর্থিকত আয়-ব্যয় সমান। বিদ্যাত শুভ। দাম্পত্যত মতানৈক্য। শুভ ৰং হালধীয়া।
মকৰ: কৰ্মক্ষেত্ৰত জটিলতাৰ সন্মুখীন হ’ব পাৰে। ব্যয়ৰ মাত্রা বৃদ্ধি পাব। গৱেষকসকলৰ দায়িত্ব বৃদ্ধি পাব। দাম্পত্যত শুভ। শুভ ৰং সেউজীয়া।
কুম্ভ: নতুন কোনো পৰিকল্পনা হাতত ল’ব পাৰে। কর্মব্যস্ততা বৃদ্ধি পাব। প্ৰেমত প্ৰতাৰিত হ’ব পাৰে। সন্তানক লৈ চিন্তা। শুভ ৰং নীলা।
মীন: আয় বৃদ্ধিৰ বিকল্প চেষ্টাত সাফল্য লাভ। ভ্রমণ নকৰাই ভাল। প্রেম প্রণয়ত শুভ। সৰু-সুৰা অসুখ হ’ব পাৰে। শুভ ৰং কমলা।




































