Daily horoscope:✒️মেষ: মানসিক অস্থিৰতা দূৰ হ’লেও শৰীৰটো অৱশ যেন অনুভৱ হ’ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। ধন লাভৰ সম্ভাৱনা। যান-বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। বিবাহৰ যোগাযোগত শুভ। হালধীয়া শুভ ৰং। শুভ সংখ্যা ৯।
বৃষ: ব্যৱসায়ত লাভৰ সম্ভাৱনা। আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। মাটি-বাৰীৰ লেন-দেনত সাৱধান হ’ব। মামলা-মোকদমাত ক্ষতি। আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নতিৰ যোগ দেখা যায়। বিবাহৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৬।
মিথুন: সন্তানৰ সাফল্যই আনন্দিত কৰিব। প্রতিবেশীৰ লগত সম্ভাৱ ৰাখিব। বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ দেখা যায়। বিবাহযোগ্যই বিয়াৰ কথা চিন্তা কৰিব পাৰে। ব্যৱসায়-বাণিজ্যত লাভ বৃদ্ধিৰ কাৰকতা। শুভ ৰং নীলা। শুভ সংখ্যা ১।
কর্কট: কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে। খেলা-ধূলাৰ লগত জড়িতসকলে সুফল পাব। মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকবিৰ। সন্তানৰ বাবে চিন্তা থাকিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।
সিংহ: শৰীৰ মধ্যম। কর্মক্ষেত্রত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকর্দমা আদিত সফলতা আহিব। ঘৰুৱা শান্তি বিৰাজমান। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। সাৱধান হওক। শুভ ৰং হালধীয়া। শুভসংখ্যা২।
কন্যা: ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাৱনা। আত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব। যান-বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। সন্তানৰ ক্ষেত্ৰত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ১০।
তুলা: কর্মক্ষেত্রত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব। আর্থিকত মধ্যম প্ৰভাৱ। দেহ বৰ সুস্থ নাথাকিব। অংশদাৰী ব্যৱসায়ত শুভ। নীলা শুভ ৰং। শুভ সংখ্যা ৬।
বৃশ্চিক: আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব। ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব। অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব। বিদ্যাত অনুকূল। গৃহাদিৰ উন্নতিৰ চেষ্টা অব্যাহত থাকিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।
ধনু: বৈষয়িক ক্ষেত্রত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব। বিশ্বাসযোগ্য বন্ধু-বান্ধৱৰ পৰা উপকৃত হ’ব। বিয়া-বাৰুৰ যোগাযোগত বাধা পাব।প্ৰেমত শুভ। শুভ ৰং নীলা। শুভ সংখ্যা ৮।
মকৰ: দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম। ভাই-ভনীৰ পৰা সহৃদয়তা নাপাব। সৰু-সুৰা ভ্ৰমণত বাধা নাই। শুভ ৰং ক’লা। শুভ সংখ্যা ১।
কুম্ভ: চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত অশুভনহ’ব। কৰ্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব। অৰ্থলাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি পাব। প্রেম-প্রীতিত অনুকূল। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
মীন: মনোবল বৃদ্ধি পাব। মাতৃৰ শুভ। নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কৰ্মক্ষেত্ৰত সামান্য বাধাৰ কাৰকতা। যাত্ৰাদিত শুভ। সু-বন্ধু লাভ। প্ৰেমত আহুকাল সাধাৰণ। নীলা ৰং শুভ। শুভসংখ্যা ৩।































