Daily Horoscope:✒️মেষ: মনত উৎসাহ পাব। যোগাযোগত মন কৰিলে অনুকূলতা দেখা যায়। বন্ধু-বান্ধৱৰ পৰা কোনো সূত্ৰৰ সম্ভেদ পাব পাৰে। দৃঢ়তাৰে ব্যক্তিগত কামত আগুৱাব পাৰিব। দাম্পত্যত শুভ। শুভ ৰং বগা। শুভসংখ্যা ৮।
বৃষ: মনটো গধুৰ গধুৰ লাগিব। চৰকাৰী কৰ্মচাৰীসকলৰ দুই-এটা কষ্টদায়ক কাৰণ হ’ব পাৰে। খৰচ পাতিকে ধৰি ঘৰুৱাতো নিজে সক্রিয় ভূমিকা লোৱাটো দৰকাৰ হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
মিথুন: পূর্বদিনৰ তুলনাত আজি উন্নত। ঘৰুৱাতো বিশেষ বেয়া নহ’ব। নিজ কর্ম চিন্তাৰ উন্নতি। যোগাযোগত উৎসাহ পাব। দূৰযাত্ৰাতো সুফল দেখিব। দাম্পত্যত উদ্বেগ কিছু থাকিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
কর্কট: শাৰীৰিক দিশত নজৰ দিব লাগিব। দুই-এটা সমস্যাৰ মাজত পৰিব পাৰে। বন্ধু-বান্ধৱৰ লগত মন খুলি আলাপ কৰাটো কঠিন হ’ব। আর্থিকত মধ্যম। দাম্পত্যত মজলীয়া। বগা ৰং শুভ। শুভ সংখ্যা ৪।
সিংহ: কর্মস্থানত কোনোৰ উদাসীন। জিৰণিৰ সুযোগ পালে আজি লোৱাৰ দৰকাৰ। বাকী পৰিৱেশ প্ৰ-পত্ৰ অনুকূল। দাম্পত্যতো বেয়া নাযাব। সন্তানৰ চিন্তা। নিজৰ ভৱিষ্যৎ লৈ সাময়িক উৎকণ্ঠা। শৰীৰ মধ্যম। শুভৰং ৰঙা। শুভ সংখ্যা ১।
কন্যা: আজি দিনটোত ঘৰুৱা কথাত মন ভালেই থাকিব। ব্যস্ততাৰ মাজতো কিছু পৰিমাণে লাভ কৰিব। গুৰুত্বপূৰ্ণ কামত এলাহ নকৰাই ভাল। বিদ্যাত মজলীয়া ফল। খৰচ বৃদ্ধি। শুভ ৰং সেউজীয়া। শুভসংখ্যা ৫।
তুলা: কামত উৎসাহ পাব। ঘৰুৱা দিশতো সহানুভূতি থাকিব। কিন্তু দাম্পত্যত কিছু সমস্যা থাকিলে দুশ্চিন্তা নাই। নিজে সক্রিয় ভূমিকা ল’লে অসম্পূর্ণ বিষয়ত অগ্রগতি ল’ব। শুভ ৰং বগা। শুভ সংখ্যা ৬।
বৃশ্চিক: অলপ সতর্ক হৈ চলক। নতুন কাম-কাজৰ আৰম্ভণি আদিত আহুকাল থাকিব। বন্ধু-বান্ধৱৰ পৰা ভাল সহানুভূতি নাপাব। শৰীৰৰ দুর্বলতা থাকিব। বিদ্যাত মধ্যম। দাম্পত্যত বিশেষ জটিলতা নাই। শুভৰং ৰঙা। শুভ সংখ্যা ৯।
ধনু: আজি কিছু ফৰকাল। বিদ্যার্থীৰ বাবেও বেয়া নহ’ব। মুঠতে আজি পৰিৱেশ অনুকূলেই দেখা যায়। তথাপি আপোন কোনো লোকৰ স’তে মানসিক দ্বন্দ্বৰ সৃষ্টি হ’লেও ক্ষতিকাৰক নহ’ব। প্ৰেমত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।
মকৰঃ কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কোনো সংযোগ তথা দক্ষতাৰ বাবে আনৰ পৰা প্ৰশংসা পাব। কিছু ব্যস্ততাৰ মাজেৰে কৰা সিদ্ধান্তত উদ্বেগৰ সৃষ্টি যেন দেখিলে মনোবল বঢ়াওক। শুভ ৰং ক’লা। শুভ সংখ্যা ৮।
কুম্ভ: সাৱধানেৰে কামত আগুৱাওক। শৰীৰৰ প্ৰতি একেবাৰে অৱজ্ঞা নকৰিব। দাম্পত্যত নিজৰ আবেগ অনুভূতিক ৰুক্ষ কৰি নুতুলিব। সন্তানৰ ভালেই। পঢ়া-শুনা দৃঢ়তাৰ দৰকাৰ হ’ব। শুভ ৰং নীলা। শুভসংখ্যা ৪।
মীন: সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। পৰিৱৰ্তনীয় মনোভারে ভ্ৰমণৰ উদ্যোগী হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মজলীয়া ফল। পঢ়া-শুনাত বেয়া নহ’ব। প্রেম-প্রীতিত ভালেই দেখা যায়। শুভ ৰং ৰঙা। শুভসংখ্যা ১।































