Daily Horoscope:✒️মেষ: কর্মক্ষেত্রত আর্থিক লেন-দেনত সাৱধান থাকিব। স্বামী-স্ত্ৰীৰ মাজত মতানৈক্যৰ সম্ভাৱনা। উচ্চ শিক্ষার্থে বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
বৃষ: আয়-উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। ব্যৱসায়ত মধ্যম উন্নতি। প্রেম প্রণয়ত সুখ বৃদ্ধি পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯।
মিথুন: চাকৰি পৰিৱৰ্তনৰ পৰিকল্পনা স্থগিত ৰাখক। ব্যৱসায়ত সফলতা অৰ্জন কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা। প্ৰেমত আন্তৰিকতা। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
কর্কট: বিবাহৰ যোগাযোগত শুভ। বিদ্যার্থীৰ বাবে শুভ দিন। যান-বাহন ক্ৰয় কৰিব পাৰে। সন্তানৰ কৃতিত্বত আনন্দিত হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
সিংহ: বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। যৌথ ব্যৱসায়ত আশানুৰূপ ফল নাপাব। আর্থিক সমস্যাই বিব্রত কৰিব। নিবনুৱাৰ কৰ্মলাভ। শুভৰং হালধীয়া। শুভ সংখ্যা ১।
কন্যা: কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব। ভূমি বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে। প্ৰেমত অশান্তি। আর্থিকত আশানুৰূপ ফল পাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৮।
তুলা: শাৰীৰিক দিশত অথন্তৰ অনুভৱ কৰিব। নতুন ব্যৱসায়ত সফলতা লাভ। গতানুগতিক কামত বেছি বাধা নাই। বিবাহৰ ক্ষেত্ৰত বাধা আঁতৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
বৃশ্চিক: ব্যৱসায়ত উন্নতিৰ যোগ। বিদ্যার্থীৰ আশা পূৰণ হ’ব পাৰে। ভ্রমণত দ্রব্য লাভ। প্ৰেমত ঘৰুৱা বাধা। কর্মক্ষেত্রত শুভ ফল পাব। শুভৰং মেৰুণ। শুভ সংখ্যা ৪।
ধনু: আর্থিকত পোৱা কষ্টৰ কিছু হ’লেও লাঘৱ হ’ব। বিদ্যাত মধ্যম। দাম্পত্যত চিন্তা থাকিব। ব্যৱসায়ত আয় বৃদ্ধি পাব। শুভ ৰং কমলা।শুভ সংখ্যা ৯।
মকৰ: বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায়। কর্মক্ষেত্ৰত দুপৰীয়াৰ পৰা সাৱধান থাকিব। দৈহিক ক্ষেত্রত শুভ ফল পাব। ঘৰুৱা মধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।
কুম্ভ: আর্থিক উন্নতিত বাধা। বিদ্যাত যত্নৰ ত্রুটি নকৰিব। শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব। চাকৰিয়ালৰ বাবে শুভ দিন। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬।
মীন: ব্যৱসায়ত মধ্যম ফল পাব। কর্মক্ষেত্রত জটিলতা কমিব। বিদ্যাত আশা দেখিলেও বাধা পাব। সন্তানৰ বাবে চিন্তা থাকিব। প্রেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।































