Dainik Agradoot:মেষ: কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব পাৰে। শৰীৰত আঘাত প্ৰাপ্তিৰ সম্ভাৱনা দেখা যায়। আর্থিক ক্ষেত্রত শুভ যদিও ব্যয়-বৃদ্ধিৰ ফলত মানসিক চিন্তা। আইনজীৱীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব।
বৃষ: বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ অত্যধিক বৃদ্ধি পাব। আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়। পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে। সামাজিক কাম-কাজৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। বিদ্যার্থীৰ মধ্যম।
মিথুন: কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। শুভ সংবাদ যোগ আছে। আকস্মিকভাৱে কৰ্মক্ষেত্ৰত বাধা দেখা দিব পাৰে। বুধৰ প্রভাবত ব্যৱসায়-বাণিজ্যত কিছু হ’লেও শুভ প্রভাব পৰিব।
কর্কট: নতুন কামত উন্নতি অব্যাহত থাকিব। আর্থিক উন্নতিৰ ফলত কিছু হ’লেও ঋণ পৰিশোধ কৰিব পাৰিব। গৃহ বিবাদৰ ভয় আছে। ভ্ৰমণৰ যোগ আছে যদিও আজি ভ্রমণ নকৰাই ভাল হ’ব।
সিংহ: ৰাহুৰ অশুভ প্রভাবৰ ফলত কর্মক্ষেত্রত ব্যাঘাত ঘটিব পাৰে। যান-বাহনৰ পৰা ভয় আছে। গতিকে চলা-ফুৰাত সতর্ক থাকিব। শত্রুবে আপোনাৰ ক্ষতি কৰিব বিচাৰিব, গতিকে শত্ৰুৰ পৰা সতৰ্ক থাকিব।
কন্যা: বুধৰ প্ৰভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব। বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে। তেজ সংক্রান্ত বেমাৰত ভুগিব পাৰে। ব্যৱসায়-বাণিজ্যত ভাল ফল আশা কৰিব পাৰে। বিদ্যার্থীৰ শুভ।
তুলা: শনিৰ শুভ প্ৰভাৱত ৰাজহুৱা সম্মান লাভৰ যোগ। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয় লৈ পতি-পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে। পিতৃ-মাতৃয়ে সন্তানৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। প্রেমত অশুভ।
বৃশ্চিক: নানান বাধা-বিঘিনিৰ মাজেৰে দিনটো পাৰ হ’ব। শত্ৰুৰ দ্বাৰা আক্রান্ত হ’ব পাৰে, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। কিবা বিষয় লৈ নিকট আত্মীয়ৰ লগত বিৰোধ দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফলদায়ক।
ধনু: বৃহস্পতিৰ শুভ প্রভাৱত মনত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে। শত্ৰুৱে বিৰোধিতা কৰিও আপোনাৰা কোনো ক্ষতি কৰিব নোৱাৰে। ঘৰত আত্মীয়ৰ সমাগম ঘটিব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক হ’ব। প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব।
মকৰ: দৈনন্দিন কাম-কাজৰ উন্নতি। আকস্মিক কোনো বিপদৰ সন্মুখীন হ’ব পাৰে। গতিকে দিনটোত সতর্কতা অৱলম্বন কৰিব। কর্মক্ষেত্রত পদোন্নতিৰ যোগ। অশুভ সংবাদ প্রাপ্তিৰ ফলত মানসিক অশান্তি। বিদ্যার্থীৰ শুভ।
কুম্ভ: সামাজিক দিশত সন্মান আৰু প্রতিপত্তি বৃদ্ধিৰ যোগ। দুৰ্ঘটনাৰ ভয়, গতিকে চলাফুৰাত সতর্ক থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। আকস্মিক অর্থ প্রাপ্তিৰ যোগ। বিদ্যার্থীৰ শুভ ফলদায়ক।
মীন: পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব। কিবা বিষয় লৈ ভ্ৰাতৃৰ লগত মতবিৰোধ হ’ব পাৰে। পিতৃ-মাতৃৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয়। চাকৰিয়াল সকলেৰে সতর্কতা কর্তব্য পালন কৰিব। বিদ্যার্থীৰ অশুভফলদায়ক।
































