Horoscope :✒️মেষ: ব্যৱসায়-বাণিজ্যত উন্নতিত বাধা আহিব পাৰে। পৰিয়ালত সুখ-সমৃদ্ধি বৃদ্ধি পাব, বিদ্যাৰ ক্ষেত্ৰত শুভ, শুভ ৰং নীলা, অশুভ ৰঙা। শুভসংখ্যা ৫।
বৃষ: প্ৰেমত সঁহাৰি লাভ। আর্থিক দিশত সমস্যা। খৰচৰ মাত্রা বেছি। ভ্রাতৃৰ লগত বিবাদ হ’ব পাৰে। শুভ ৰং আকাশী, অশুভ কমলা। শুভসংখ্যা ৪।
মিথুন: পৰিয়ালত বিবাহৰ চৰ্চা হ’ব পাৰে, পেটৰ সমস্যাত ভুগিব পাৰে। আর্থিক দিশত উন্নত, প্ৰেমত শুভ, শুভ ৰং ক’লা, অশুভ আকাশী। শুভসংখ্যা ৩।
কর্কট: মানসিক চিন্তা বৃদ্ধি হ’ব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম, স্বাস্থ্যৰ প্ৰতি সচেতন হ’ব। বিদ্যাত শুভ, শুভ ৰং বগা, অশুভ ক’লা। শুভ সংখ্যা ২।
সিংহ: মনত সাহস বৃদ্ধি পাব। অতীতৰ কথাই আমনি কৰিব, আনৰ কথাত ভোল নাযাব। খৰচ বৃদ্ধি, শুভ ৰং ৰঙা, অশুভ সেউজীয়া। শুভসংখ্যা ১।
কন্যা: যানবাহনৰ পৰা সাৱধান হ’ব। সন্তানৰ পৰা আনন্দিত হ’ব পুৰণি কোনো বন্ধুৰ স’তে সাক্ষাৎ হ’ব। শুভ ৰং মুগা, অশুভ নীলা। শুভসংখ্যা ২।
তুলা: কর্মস্থানত সমস্যা থাকিব যদিও সহকর্মীৰ দ্বাৰা উপকৃত হ’ব। বেপাৰ-বাণিজ্যত ধন লাভ, আয় বৃদ্ধি। শুভ ৰং বগা, অশুভ মেৰুণ। শুভ সংখ্যা ৪।
বৃশ্চিক: গোপন শত্ৰুৰ পৰা সাধৱান হ’ব। পিতৃৰ শৰীৰক লৈ চিন্তা হ’ব। গৃহত আলহীৰ আগমন। প্ৰেমত শুভ, শুভ ৰং ৰূপালী, অশুভ নীলা। শুভ সংখ্যা ২।
ধনুঃ আত্মীয়ৰ পৰা আনন্দিত হ’ব। কোনো শুভ সংবাদ পাব। নতুন কার্য সিদ্ধি হ’ব। প্রেমত কষ্ট। শুভ ৰং সেউজীয়া, অশুভ কমলা। শুভ সংখ্যা ৩।
মকৰ: প্ৰেমৰ ক্ষেত্ৰত নতুন প্রস্তাৱ পাব পাৰে। আজিৰ দিনটো মংগল কাৰ্য সিদ্ধি কৰিব। বিদ্যাত শুভ, শুভ ৰং মুগা, অশুভ বেঙুনীয়া। শুভসংখ্যা ৫।
কুম্ভ: বিভিন্ন দিশত সুনাম অর্জন কৰিব। কর্মস্থানত প্রশংসা লাভ কৰিব।ভ্রমণত সাৱধান হ’ব। শুভ ৰং বগা, অশুভ সোণালী। শুভ সংখ্যা ৪।
মীন: প্ৰেমত অন্যৰ আগমনৰ দ্বাৰা সমস্যা হ’ব। দুষ্ট লোকৰ পৰা সাৱধান হ’ব। বিদ্যার্থীসকলৰ অধিক যত্ন লোৱাৰ প্ৰয়োজন। শুভ ৰং কমলা, অশুভ ৰঙা। শুভ সংখ্যা ৩।































