Today’s Horoscope:
মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ। ফুৰা-চকাৰ ক্ষেত্ৰত সাৱধান থাকিব। বিদ্যার্থী সকলৰ শুভ। প্ৰেমত শুভ। শুভ ৰং মেৰুণ।
বৃষ: শুভ প্রভাৱৰ ফলত কন্যা বা পুত্ৰৰ বিবাহৰ যোগ দেখা যায়। বেয়া ভালৰ মাজত দিনটো পাৰ হ’ব। শুভ ৰং ৰঙা।
মিথুন: কর্মক্ষেত্রত শত্ৰুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব। বন্ধুৰ পৰা সাৱধানে থাকিব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। শুভ ৰং বেগুণীয়া।
কর্কট: আর্থিক ক্ষেত্রত উন্নতি দেখা যায়। ভ্ৰমণৰ যোগ। সন্তানৰ বিদ্যা লৈ চিন্তা থাকিব। বিবাহৰ যোগ। শত্ৰুৰ পৰা সাৱধান। শুভ ৰং বগা।
সিংহ: বিভিন্ন ফালে মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। সংসাৰত অশান্তিৰ ফলত মন অশান্তিত থাকিব। নীলা কাপোৰ পৰিধান কৰিব। শুভ ৰং নীলা।
কন্যা: ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ। আর্থিকত মাধ্যম। লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ কৰিব। যাত্রা নকৰাই ভাল। শুভ ৰং সেউজীয়া।
তুলা: মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্রত জটিলতাই দেখা দিব পাৰে। টকা-পইচা লেন-দেন নকৰাই ভাল। বিদ্যার্থীৰ কাৰণে ভাল।
বৃশ্চিক: নিজৰ কোনো মানুহ শত্রু হৈ উঠিব পাৰে। যানবাহনৰ পৰা সতৰ্ক থাকিব। চাকৰিয়ালসকলৰ দিনটো মানসিক চিন্তাত ভুগিব। বিদ্যার্থীৰ কাৰণে ভাল। শুভ ৰং ক’লা।
ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটো চিন্তাত পেলাব। যানবাহন ক্রয় কৰাৰ যোগ দেখা যায়। বিভিন্ন কাৰণত সাংসাৰিক অশান্তি বৃদ্ধি পাব। শুভ ৰং কমলা।
মকৰ: ভাল-বেয়াৰ মাজত দিনটো পাৰ হ’ব। চাকৰিৰ ক্ষেত্ৰত কোনো জটিলতাই দেখা দিব পাৰে। বিদ্যার্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্ৰত বাধা। দূৰ ভ্ৰমণ দেখা যায়। শুভ ৰং গুলপীয়া।
কুম্ভ: দিনটো কামৰ ব্যৱস্থা বৃদ্ধি। প্ৰেম আৰু দাম্পত্য জীৱনত জটিলতা দেখা যায়। আর্থিকত ভাল। যাত্রা নকৰাই ভাল। শুভ ৰং হালধীয়া।
মীন: পুৱা গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব। দিনটো নিৰামিষ খাব। সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। নিৰামিষ খাব। শুভ ৰং নীলা।
































