Bahubali:✒️ভাৰতৰ ‘বাহুবলী’ ৰকেটত উঠি মহাকাশলৈ যাত্ৰা কৰিছে আমেৰিকাৰ এটা কৃত্ৰিম উপগ্ৰহ।বুধবাৰে পুৱা আঠ বাজি ৫৫ মিনিটত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা সফল ভাৱে উৎক্ষেপণ কৰা হল মাৰ্কিন সংস্থা এ এছ টি স্পেচম’বাইলৰ নিৰ্মাণ কৰা উন্নত যোগাযোগ উপগ্ৰহ ‘ব্লুবাৰ্ড ৬’ ।
প্ৰায় ৬০০০ কেজি ওজনৰ কৃত্ৰিম উপগ্ৰহ মহাকাশলৈ প্ৰেৰণ কৰি ইতিহাস ৰচনা কৰিলে LVM3-M6 ৰকেটে।
ব্লু বাৰ্ড ৬ উপগ্ৰহ মহাকাশৰ পৰা পোনপটীয়াকৈ পৃথিৱীৰ যিকোনো মানক স্মাৰ্টফোনলৈ ব্ৰডবেণ্ড সংকেত প্ৰেৰণ কৰিবলৈ সক্ষম।
বুধবাৰে পুৱা আঠ বাজি ৫৪ মিনিটত কৃত্ৰিম উপগ্ৰহটি স’তে LVM3-M6 ৰকেট উৎক্ষেপণৰ কথা আছিল।
কিন্তু মহাকাশৰ ধ্বংসাৱশেষ বা অন্যান্য উপগ্ৰহৰ স’তে সম্ভাৱ্য সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই শেষ মুহূৰ্তত উৎক্ষেপণৰ সময় ৯০ ছেকেণ্ড পিছুৱাই দিয়ে।
অৱশেষত ‘বাহুবলী’ ৰকেটত পুৱা ৮:৫৫:৩০ বজাত এই উপগ্ৰহটো উৎক্ষেপণ কৰা হয়।
ইছৰ’ই জনাইছে যে ব্লু বাৰ্ড ৬ উৎক্ষেপণৰ প্ৰায় ১৫ মিনিটৰ পাছত ৰকেটৰ পৰা পৃথক হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ পাছত ই প্ৰায় ৫২০ কিলোমিটাৰ উচ্চতাত নিজৰ নিৰ্দিষ্ট কক্ষপথত থিতাপি ল’ব। উল্লেখযোগ্য যে ব্লু বাৰ্ড ৬-ই হৈছে ভাৰতীয় ৰকেটৰ দ্বাৰা মহাকাশলৈ প্ৰেৰণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ, যাৰ ওজন প্ৰায় ৬,১০০ কিলোগ্ৰাম।
ইছৰ’ৰ অধ্যক্ষ ভি নাৰায়ণনে উল্লেখ কৰে যে ভাৰতৰ মাটিৰ পৰা ইমান গধুৰ উপগ্ৰহ আগতে কেতিয়াও উৎক্ষেপণ কৰা হোৱা নাছিল।
সেয়েহে এই কামৰ বাবে বাছনি কৰা হৈছিল ৪৩.৫ মিটাৰ উচ্চতাৰ LVM3-M6 ৰকেট। গধুৰ উপগ্ৰহ কঢ়িয়াব পৰা এই ৰকেটটোক ইছৰ’ৰ বিজ্ঞানীসকলে ‘বাহুবলী’ বুলি নাম দিছে।
গধুৰ কৃত্ৰিম উপগ্ৰহ কঢ়িয়াই নিব পৰা এলভিএম৩ ৰকেটৰ এইটো ষষ্ঠ সংস্কৰণ।






























