Hailakandi :
ড্ৰাগছৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে কঠোৰস্থিতি লৈ অহাৰ মাজতে নিচা জাতীয় সামগ্রী সহ আটক হ’ল দুই সৰবৰাহকাৰী ৷ গোপন খবৰৰ ভিত্তিত হাইলাকান্দি আৰক্ষীয়ে গাজ্ঞাখাউৰী গাঁৱত অভিযান চলাই ৭ হাজাৰ ইয়াবা টেবলেট সহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন সৰবৰাহকাৰী দুজন হ’ল জিয়াবুল হক তালুকদাৰ আৰু বুৰান উদ্দিন লস্কৰ। জব্দকৃত টেবলেট খিনিৰ মূল্য প্রায় ২৮ লাখ টকা হ’ব আৰক্ষী সূত্ৰত প্ৰকাশ ৷
ADVERTISEMENT


































