Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। এই ৰাশিৰ জাতকসকলে আজি দূৰলৈ যাত্রা নকৰিব। কথা কওতে সংযম ৰাখি কথা ক’ব অন্যথা ক্ষতি হ’ব পাৰে। প্ৰতিকাৰ- কামত ওলাওতে সূৰ্যক প্রণাম কৰি ওলাব।
বিষঃ শুভ ৰং নীলা। শুভ সংখ্যা ৮। চাকৰিৰ কাৰণে থকা স্থানৰ পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। অচিনাকি ব্যক্তিৰ পৰা সহায় হ’ব পাৰে। সন্তানৰ শুভ। ব্যৱসায়ত অর্থ হানি হোৱাৰ ভয়। প্ৰতিকাৰ- বেল পাত তিনিটা ৰঙা জবাফুল লৈ শিৱৰ লিংগত দি শিৱক স্মৰণ কৰিব।
মিথুন: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। হাত ভৰিত আঘাত পাব পাৰে। অচিনাকি ব্যক্তিৰ পৰা প্ৰতাৰিত হোৱাৰ ভয়। পদোন্নতি হোৱাৰ সম্ভাৱনা। হাতলৈ টকা-পইচা আহিব। প্ৰতিকাৰ- গা ধোৱা পানীত কেইটামান তিল দি পূব ফালে মুখ কৰি গা ধুব।
কর্কট: শুভ ৰং বগা। শুভ সংখ্যা ৩। খং দমাই ৰাখিব। ব্যৱসায়ীয়ে নতুন ব্যৱসায়াৰ সন্ধান পাব। নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ আশংকা আছে। সন্তানৰ শুভ। প্ৰতিকাৰ- হনুমান মন্দিৰত ধূপ চাকি জুলাই মিঠা ফল দান কৰিব।
সিংহ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪। ঘৰৰ কোনো ব্যক্তিৰ দুখৰ খবৰ আহিব পাৰে। বিবাহৰ প্ৰস্তাব নাকচ হ’ব পাৰে। দূৰ ভ্ৰমণ নকৰাই ভাল। সন্তানৰ শুভ নহয়। প্ৰতিকাৰ- আঁহত গছ এজোপাৰ তলত চাকি জুলাই শ্রীবিষ্ণুৰ চৰণ চিন্তা কৰিব।
কন্যা: শুভ ৰং ৰঙা। শুভ সংখ্যা ৭। হাতলৈ টকা-পইচা অহাত বাধা পাব। মুল্যবান সম্পত্তি ঘৰলৈ আহিব পাৰে। আজি কোনো যুটীয়া ব্যৱসায়ত হাত নিদিব। দুর্ঘটনাৰ যোগ দেখা যায়। প্ৰতিকাৰ- ধূপ জুলাই ঘৰৰ চাৰিওফালে প্রদক্ষিণ কৰি উত্তৰ কোণত ধূপকেইডাল ৰাখি থৈ আহিব।
তুলা: শুভ ৰং বেঙুনীয়া শুভ সংখ্যা ৮। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱাৰ ভয়। সন্তানৰ শুভ। কৰ্ম সংস্থাপনৰ যোগ দেখা যায়। টকা-পইচাৰ অভাৱৰ বাবে জটিল সমস্যাত পৰিব পাৰে। প্ৰতিকাৰ-পুৱা গা ধুই পানীত ৰঙা, বগা ফুল লৈ সূর্যক প্রণাম কৰি জল অর্পণ কৰিব।
বৃশ্চিক: শুভ ৰং হালধীয়া। শুভ সংখ্যা ১। পিচলি পৰি হাত ভৰিত দুখ পাব পাৰে। আনক সহায় কৰি সন্মান পাব। সাংসাৰিক সমস্যা বাঢ়িব। চাকৰিৰ সুযোগ পাব পাৰে। শত্ৰুৰ পৰা সাৱধান হ’ব। সন্তানৰ দ্বাৰা অবাবত অর্থ হানি হ’ব পাৰে। প্ৰতিকাৰ- তুলসী গছৰ গুৰিত পানী ঢালি ধূপ জুলাই সূর্যক প্রণাম কৰিব।
মকৰ: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬। ঘৰৰ পৰা মূল্যবান বস্তু হেৰাব পাৰে। চাকৰিয়ালৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যজনিত সমস্যাত ভুগিব। পাৰে। সন্তানৰ ভুলে সন্মান লাঘব কৰিব। প্ৰতিকাৰ- নৱগ্ৰহ মন্দিৰত ধূপ-চাকি জুলাই গ্ৰহৰ পূজা কৰিব।
কুম্ভ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। শনি দেৱতাৰ কোপদৃষ্টিৰ বাবে কেচ মোকদমা পৰাৰ ভয় আছে। সন্তানৰ পৰা সুখ লাভ কৰিব। ৰুগীয়া মহিলাসকলে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল’ব। প্ৰতিকাৰ-বেলপাত, গাখীৰ শিৱৰ লিংগত দি শিৱক আৰাধনা কৰিব।
মীন: শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৮। এই ৰাশিৰ জাতক-জাতিকাসকলে চাকৰিৰ বাবে চেষ্টা কৰিব। আর্থিক দিশত খেলি-মেলি দেখা যায়। সন্তানৰ শুভ। প্ৰতিকাৰ- ধতুৰা ফুলত চন্দন সানি শিৱৰ লিংগত অর্পণ কৰিব।































