Pradhan Mantri Awas Yojana:✒️পিএমএৱাই (প্রধানমন্ত্রী আবাস যোজনা)ৰ গৃহ আবণ্টনৰ নামত ধুবুৰী জিলাৰ কুমাৰগঞ্জ গাঁও পঞ্চায়তত পঞ্চায়ত সভাপতি, সদস্য সচিব, গাঁৱৰ সদস্যই হিতাধিকাৰীক লৈ হেতালি খেলাৰ অভিযোগ উঠিছে। দৰিদ্ৰৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত চৰম অৰাজকতাৰ সৃষ্টি হৈছে বুলি অভিযোগ কৰে ভুক্তভোগীয়ে।
কুমাৰগঞ্জ গাঁও পঞ্চায়তৰ অধীনস্থ দুই নম্বৰ উজান পেটলা গাঁৱৰ নিবাসী কনক ৰায়ৰ পত্নী বিণী কুন্ডু পিএমএৱাই গৃহৰ বাবে বাছনি হয়। বিণী কুন্ডুৰ নাম পিএমএৱাই হিতাধিকাৰী হিচাপে ২০২৪-২০২৫ বিত্তীয় বর্ষত তালিকাত সন্নিবিষ্ট হয়। তেওঁ চৰকাৰী ঘৰ লাভৰ আশাত নিজৰ পুৰণি ঘৰ ভাঙি ঠাই মুকলি কৰাৰ উপৰি গছ-গছনি কাটি কাঠ সাজু কৰে।
ঘৰৰ বাবদ চৰকাৰে ধন মোকলাই দিব বুলি ঘৰৰ খুঁটি পুতি সাজু হয়। তদুপৰি, পঞ্চায়তৰ সভাপতি, সদস্য আৰু জিআৰএছয়ে কোৱা মতেই নিজৰ সকলো নথি পত্র জমা কৰে পঞ্চায়তত। নথিপত্র জমা দিয়াৰ আজি এক-ডেৰ বছৰ পাছতো এটা টকাও বেংক একাউন্টত জমা নহ’ল হিতাধিকাৰীগৰাকীৰ।
পি এমএৱাই গৃহৰ তালিকাত নাম থকাই নহয় তদানীন্তন বিডিঅ’ই ৰিণী কুন্ডুৰ ঘৰৰ বাবদ ধন মোকলাই দিবলৈ চহী কৰাৰ পাছতো ৰহস্যজনকভাবে আজিও টকা লাভ নকবিলে। কুন্ডুৰ স্বামী কনক ৰায়ে বহুবাৰ পঞ্চায়তত গৈ কাবৌ-কাকৃতি কৰে যদিও সফলতা লাভ নকৰাত ভাঙি পৰিছে। শাৰীৰিকভাবে অসুস্থ হোৱাই নহয় চলা-ফুৰা কৰিব নোৱাৰা কনক ৰায়ে পত্নীৰ নামত অহা ঘৰটো পঞ্চায়ত কর্তৃপক্ষই প্রদান নকৰাত চিন্তিত হৈ পৰিছে।
ঘৰৰ বাবে আবন্টন হোৱা ধন কিয় মোকলাই দিয়া নাই তাৰ কোনো সঠিক উত্তৰ দিব পৰা নাই পঞ্চায়তৰ সভাপতি, সদস্যই। শাৰীৰিকভাৱে অসুস্থ বায়ে এই ক্ষেত্ৰত অসম চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচৰাৰ লগতে ধুবুৰী জিলাৰ আয়ুক্তৰ তৰফৰ পৰা এটা তদন্তৰ দাবী জনায়। চৰকাৰে প্ৰদান কৰা এটা পিএমএবাই গৃহৰ ধন মোকোলাই দিবলৈ যদি এক ডেৰ বছৰ সময় লাগে তেন্তে দুখীয়া দৰিদ্র লোকে কেনেকৈ ঘৰ সাজি থাকিব বুলি ক্ষোভ প্রকাশ কৰাৰ উপৰি কয়, ‘একে তালিকাত থকা অন্যান্য ঘৰসমূহ নিৰ্মাণৰ কাম সম্পূর্ণ হোৱাৰ পাছতো এটা ঘৰে নাপালে টকা।’
ঘৰৰ বাবদ কোনো টকা নিদিয়াৰ বাবে আবন্টন হোৱা ধন পঞ্চায়ত কর্তৃপক্ষই মুকলি কৰি দিয়া নাই বুলি সন্দেহ প্রকাশ কৰিছে হিতাধিকাৰীগৰাকীয়ে। এই ক্ষেত্রত জিলা আয়ুক্ত আৰু উন্নয়ন খণ্ড বিষয়াই কোনো পদক্ষেপ গ্রহণ নকৰিলে আইনৰ কাষ চাপিব বুলিও কয়।






























