Shocking robbery in Guwahati:
:গুৱাহাটী স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই মহানগৰীৰ মাজমজিয়াৰ এটা অট্টালিকাত ডকাইতে ফিল্মি ষ্টাইলত সংঘটিত কৰিলে চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
ফটাশিল- আমবাৰী থানাৰ অন্তৰ্গত গণেশপাৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অনিল ডেকাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাটোত এটা ডকাইতৰ দলে নিশা সংঘটিত কৰে ডকাইতি কাণ্ড ৷
প্ৰাপ্ত খবৰ অনুসৰি অট্টালিকাটোৰ গৰাকী অনিল ডেকাই তেওঁৰ বিদেশত অধ্যয়নৰত কন্যাক গুৱাহাটী এয়াৰপৰ্টত থবলৈ যোৱাৰ কিছু সময়ৰ পিছতে এখন বগা ৰঙৰ চুইফট ডিজায়াৰ বাহনত অহা মুখমণ্ডলত ক’লা কাপোৰ পৰিহিত চাৰিজনীয়া ডকাইতৰ দলটোৱে অট্টালিকাত প্ৰৱেশ কৰি সেই সময়ত বাসগৃহটোত থকা ডেকাৰ পত্নী কৰবি ডেকা আৰু চালকজনক অৰ্তকিতে আক্ৰমণ কৰাৰ লগতে মুখত পিষ্টল দেখুৱাই ভিত্তি প্ৰদৰ্শন কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। তাৰ পিছতে ডকাইতৰ দলটোৱে কৰবী ডেকাৰ পৰা বলপূৰ্বক চাবি লৈ আলমাৰীৰ খুলি নগদ ধন,সোণৰ আ- অলংকাৰ সহ কেতবোৰ সা- সামগ্ৰী লুট কৰি লৈ যায় ।
উল্লেখ্য যে ডকাইতৰ চাফাই অভিযানৰ সকলো দৃশ্য বন্দী হয় বাসগৃহটোত সংলগ্ন চিচিটিভিত ৷ আনহাতে ডকাইতি কাণ্ডৰ খবৰ লাভ কৰাৰ পিছতেই ঘটনাস্থলীত ফটাশিল- আমবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰিছে ৷
উল্লেখযোগ্য চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সমস্ত ঘটনাৱলী সাংবাদিকৰ আগত বিৱৰণ দাঙি ধৰে কৰবী ডেকাই।



































