Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: অনুকূল পৰিৱেশ। বিদ্যা-বুদ্ধিৰ চৰ্চা কৰোতা সকল উপকৃত হ’ব। বন্ধু-বান্ধৱৰ পৰা নিৰাশ নহ’ব। কর্মস্থানত বাধা দেখা নাযায়। বর্ণ বগা বা হালধীয়া। প্রেমত মধ্যম। আজি যাত্রা নকৰিব। শুভ ৰং ৰঙা। শুভসংখ্যা ৮।
বৃষ: কর্মস্থানত ব্যস্ত থাকিব যদিও মনটো গধুৰ থাকিব। সম্পর্কীয় কথাত মন হঠাৎ বেয়াও হ’ব পাৰে। প্ৰেমত অস্থিৰতা। পঢ়াত শুভ। বিয়াত বাধা নাই। আজি পূব দিশে যাত্রা নিষেধ। শুভ ৰং কমলা। শুভসংখ্যা ৪।
মিথুন: প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাত লাভ। কর্মাদিত বেয়া দেখা নাযায়। শিল্প-সাহিত্যৰ বিকাশ। ভ্রমণত কষ্ট। ঘৰুৱা অশান্তিৰ মাজত নিজক ঠিক ৰখাৰ যত্ন কৰক। আজি শুভকৰ্ম আৰম্ভ কৰিব পাৰে। শুভৰং বেঙুনীয়া। শুভ সংখ্যা ৫।
কর্কট: উন্নত পৰিৱেশ। ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে। কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ স’তে মতান্তৰৰ সম্ভাৱনা। পঢ়াত শুভ। ভ্রমণত দ্রব্য লাভ। আজি ভাতৰ লগত কেঁচা নিমখ নাখাব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ২।
সিংহ: আর্থিকত চিন্তা থাকিব। নমঃ শ্রীশ্রীব্রহ্ময়ম নমঃ ১০ বাৰ জপ কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৩।
কন্যা: সু-সংযোগ লাভৰ যোগ। আর্থিকত মজলীয়া ফল পাব। দায়িত্বপূর্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক। ভ্রমণত সাৱধান। আজি বেল গছৰ তলত পানী চালিব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
তুলা: কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব। শাৰীৰিক দিশত ভালেই যাব। ব্যৱসায়ত উন্নতিৰ চেষ্টত সফল। কিবা ঘৰুৱা কথাতহে মনত দুখ। দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ এডাল ৰঙা সূতা হাতত বান্ধিব। শুভ ৰং বগা। শুভ সংখ্যা ৭।
বৃশ্চিক: দূৰ যাত্ৰাদিত বাধা। পৰাপক্ষত অতিপাত পৰিশ্ৰম বৰ্জন কৰক। বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ। শুভ ৰং আকাশী। শুভ সংখ্যা ৬। ধনু: ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব। খৰচ বৃদ্ধি পাব। কিছুমান দুর্ভাবনাই লগ ধৰিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।
মকৰ : বিদ্যার্থীৰ বাবে ভাল। শৰীৰ মধ্যম। সন্মান প্রাপ্তি। শনি মন্দিৰত অকমান নীলা ৰঙৰ কাপোৰ দান দিয়ক, শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।
কুম্ভ: কোনো কর্মত আনন্দ পাব। হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে। মাতৃৰ শৰীৰ বেয়া নহ’ব। লেন-দেনত পৰাপক্ষত ঠিক থাকক। সন্তানৰ শুভ। ভ্রমণ সম্ভাৱনা। শুভ ৰং পাতল নীলা। শুভ সংখ্যা ৫।
মীন: পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে। আর্থিকত মজলীয়া ফল পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত মধ্যম উন্নতিৰ যোগ। কর্মক্ষেত্রত বাধাৰ কাৰকতা। শুভ ৰং বগা। শুভ সংখ্যা ৩।































