Today’ Horoscope:দিনটোৰ ৰাশিফল
মেষ: মঙলৰ শুভ প্রভাৱত ধন আৰু সম্পত্তি লাভৰ যোগ দেখা যায়। দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে। প্রেম প্রণয়ত সাফল্য আহিব। দিনটোত শাৰীৰিক দুৰ্বলতাই দেখা দিব পাৰে। আর্থিক ক্ষেত্ৰত মধ্য ফলদায়ক হ’ব। শুভ ৰং ৰঙা।
বৃষ: পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব। কিবা কাৰণত অৰ্থক্ষতিৰ সম্ভাৱনা দেখা যায়। সম্পদ প্রাপ্তিৰ যোগ আছে। পুত্র-কন্যাৰ উন্নতিৰ যোগ। শাৰীৰিক কষ্ট ভোগ কৰিব পাৰে। বিদ্যার্থীব মধ্যম ফলদায়ক। শুভ ৰং নীলা।
মিথুন: বুধৰ শুভ প্রভাৱত কৰ্মত সুখ্যাতি লাভৰ যোগ। হিংস্ৰ জীৱ-জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব। সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। অযথা অর্থ ব্যয় হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰে। শুভ ৰং হালধীয়া।
কর্কট: পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব। কোনোবাই মিছা অপবাদ উঠাব পাবে। যান-বাহন লাভৰ যোগ দেখা যায়। দিনটোত কিবা কাৰণত হতাশাত ভূগিব পাৰে। শুভ সংবাদ প্রাপ্তিৰ ফলত মন আনন্দিত হ’ব। শুভ ৰং সেউজীয়া।
সিংহ: অশুভ ৰাহুৰ কাৰণে ন্যায্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা থাকিব। চোৰৰ পৰা সতৰ্ক থাকিব। ভ্রাতৃৰ কাৰণে ক্ষতিগ্রস্ত হ’ব পাৰে। আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও ৰাহুৰ বাধা থাকিব। শুভ ৰং ক’লা।
কন্যা: বুধৰ প্ৰভাৱত ব্যৱসায়-বাণিজ্য আৰু আর্থিক ক্ষেত্ৰত কিছু হ’লেও পৰিৱৰ্তন আহিব। ঘৰৰ্ত প্ৰিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ। কর্মক্ষেত্রত পদোন্নতিৰ যোগ। চাকৰিয়াল সকলে কর্তব্য পালনৰ ক্ষেত্ৰত সতর্ক থাকিব। শুভ ৰং মেৰুণ।
তুলা: সন্তানাদিৰ কাৰণে পিতৃ-মাতৃৰ চিন্তা থাকিব। দিনটো বিশেষ শুভবুলি ক’ব নোৱাৰি, গতিকে সাৱধানে চলা-ফুলা কৰিব। পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব। উচ্চ বিদ্যা লাভৰ উদ্দেশ্যত বাহিৰলৈ যোৱাৰ যোগ। শুভ ৰং কমলা।
বৃশ্চিক: অযথা কোনোবাৰ লগত বিবাদত জড়িত হ’ব পাৰে। অশুভশনিৰ প্ৰভাৱত বিদ্যার্থীৰ বুদ্ধি নাশৰ যোগ। কর্মক্ষেত্ৰত পদ প্ৰাপ্তিৰ যোগ আছে যদিও অপ্রত্যাশিতভাবে বাধা পৰিব পাৰে। আৰ্থিক ক্ষেত্রত মধ্যম। শুভ ৰং চিলভাৰ।
ধনু : বুধৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ। পাৰিবাৰিক ক্ষেত্রত খেলিমেলি হ’ব পাৰে। মনৰ কোনো আশা পুৰণ হ’ব পাৰে। বন্ধুৰ লগত মতবিৰোধ দেখা দিব পাৰে। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব। শুভ ৰং বগা।
মকৰ: শনিৰ অশুভ প্ৰভাৱৰ ফলত আর্থিক সংকটত পৰিব পাৰে। পেট সংক্রান্ত কিবা সমস্যাই দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফলদায়ক হ’ব। শুভ ৰং সোণালী।
কুম্ভ: পাৰিবাৰিক ক্ষেত্রত শুভ ফলদায়ক হ’ব। ভ্রমণত সমস্যাই দেখা দিব পাৰে। গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে। আর্থিক সংকটত ভুগিব পাৰে। ব্যৱসায়-বাণিজ্যত ভবা মতে ফল নাপাব। বিদ্যার্থীৰ মধ্যম ফলদায়ক।
মীন: কর্মক্ষেত্রত সম্মান বৃদ্ধিৰ যোগ। পাৰিবাৰিক বিবাদৰ ফলত মনৰ গতি ভালেৰে নাযাব। ভ্ৰমণত শাৰীৰিক সমস্যাই দেখা দিব পাৰে। আয় উন্নতিৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। প্রেম-প্রীতিৰ ক্ষেত্ৰত সমস্যা থাকিব।































