Horoscope:✒️মেষ: দৈনিক কর্মত শুভ। আর্থিক ক্ষেত্রত স্বচ্ছলতা আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল আশা কৰিব পাৰে। আশা কৰা মতে ধন সঞ্চয় নহ’ব। উচ্চ শিক্ষাত নানা বাধাৰ সন্মুখীন হ’ব। শাৰীৰিক দিশত শুভকাৰক নহ’ব।
বৃষ: কর্মক্ষেত্রত শান্তি বজাই থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। শাৰীৰিক দিশত শুভ যদিও দিনৰ শেষৰ ভাগত সৰুসুৰা বেমাৰে আমনি দিব পাৰে।
মিথুন: চাকৰিৰ ক্ষেত্ৰত উন্নতিত অযথা পলম আৰু বাধা আহিব। ব্যৱসায়ীসকলৰ শুভ যদিও কোনো অবাঞ্চিত লোকৰ কাৰণে ক্ষতি হ’ব পাৰে। পাৰিবাৰিক দিশত কাৰোবাক দায়িত্বপূর্ণ কাম গতাই দিয়াৰ পূৰ্বে সাৱধান হ’ব।
কর্কট: দৈনন্দিন কৰ্মত অস্থিৰতা দেখা দিব পাৰে। নিবনুৱা জাতক-জাতিকাৰ কৰ্মলাভৰ যোগ আছে। আইনী ব্যৱসায়ীসকলকৰ বাবে দিনটো শুভ নহ’ব। স্থাৱৰ সম্পত্তি প্ৰাপ্তিৰ যোগ দেখা যায়।
সিংহ: শাৰীৰিক অসুস্থতাৰ কাৰণে দৈনন্দিন কামত বাধা অর্থনৈতিক ক্ষেত্রত শুভ ফল আশা কৰিব নোৱাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত শত্ৰুৰ পৰা সতর্ক থাকিব। কর্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ দেখা যায়।
কন্যা: দৈনন্দিন কৰ্মত শুভ। চাকৰি ক্ষেত্ৰত সহকৰ্মীৰ লগ মতানৈক্য হোৱাৰ সম্ভাৱনা দেখা যায়। আর্থিক উন্নতিৰ বাবে দিনটো শুভফলদায়ক হ’ব।
তুলা: কর্মক্ষেত্রত অপ্রত্যাশিতভাবে ঝামেলা দেখা দিব পাৰে। উপাৰ্জনৰ ক্ষেত্রত শুভ ফল লাভ কৰিব। যানবাহন আৰু ভূমি লাভৰ সুযোগ আহিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল পোৱাৰ সম্ভাৱনা আছে।
বৃশ্চিক: কর্মক্ষেত্রত শান্তি বজাই থাকিব। ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব। সৰুসুৰা দুৰ্ঘটনাৰ ফলত ভৰিত প্ৰৱল আঘাত পোৱাৰ সম্ভাৱনা আছে, গতিকে সতর্কতা অৱলম্বন কৰিব।
ধনু: চাকৰি ক্ষেত্ৰত উর্ধতন কর্তৃপক্ষৰ লগত মতবিৰোধৰ সম্ভাৱনা। প্ৰেমৰ ক্ষেত্ৰত হতাশা, মনৰ আশা ভংগ হ’ব পাৰে। ঘৰুৱা বিষয়লৈ পতি-পত্নীৰ মাজত মতভেদ দেখা দিব পাৰে।
মকৰ: কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব। অর্ধভাগ্য স্থিতিশীল নহ’ব। ব্যৱসায়-বাণিজ্যত হঠাতে পৰিৱৰ্তন আহিব পাৰে। প্ৰতিযোগিতামূলক লক্ষ্য ৰাখিব লাগিব।
কুম্ভ: চাকৰিয়াল ব্যক্তিসকলৰ পদোন্নতিৰ সম্ভাৱনা আছে। সন্তানৰ বাবে দিনটো শুভ নহয়। ন্যায্যপ্রাপ্তি পৰা বঞ্চিত হ’ব পাৰে।
মীন: কর্মক্ষেত্রত উন্নতিৰ যোগ। পুলিচী ঝামেলা মামলা মকদ্দমা আদিৰ যোগ আছে। সামাজিক ক্ষেত্ৰত মানহানিৰ আশংকা, গতিকে চলাফুৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিব। পিতৃ-মাতৃৰ লগতে কিবা বিষয়লৈ মতবিৰোধ হ’ব পাৰে।































