পক্ষাঘাতগ্ৰস্ত পত্নীৰ চিকিৎসাৰ বাবে এম্বুলেন্সৰ ব্যৱস্থা কৰিব নোৱাৰি, পেডেলচালিত ঠেলায়ে ভৰসা হ’ল ওড়িশাৰ সম্বলপুৰৰ বৃদ্ধ বাবু লোহাৰৰ। স্থানীয় চিকিৎসালয়ত দেখুৱাই চিকিৎসকে কটকৰ মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিল যদিও প্ৰায় ৩০০ কিলোমিটাৰ দূৰৰ সেই পথলৈ যোৱাৰ খৰচ যোগাৰ কৰিবলৈ অসমৰ্থ হৈছিল বৃদ্ধজন।
৭৫ বছৰীয়া বাবু লোহাৰৰ পত্নী জ্যোতি লোহাৰ (৭০) বহুদিন ধৰি পক্ষাঘাতত আক্ৰান্ত। চিকিৎসাৰ বাবে বৃদ্ধজনে নিজৰ পেডেলচালিত ঠেলাতে পত্নীক বহুৱাই কটকৰ উদ্দেশে যাত্ৰা আৰম্ভ কৰে।
বাবু লোহাৰৰ মতে, পথত বহু লোকে সহায়ৰ হাত আগবঢ়াই।কোনোবাই খাদ্য, কোনোবাই পানী, আন কোনোবাই আৰ্থিক সহায় আগবঢ়ায়। দীঘল আৰু কষ্টকৰ যাত্ৰাৰ অন্তত পত্নীক কটকৰ মেডিকেল কলেজত ভৰ্তি কৰাবলৈ সক্ষম হয় বৃদ্ধজন। বৰ্তমান জ্যোতি লোহাৰৰ চিকিৎসা চলি আছে।
এই হৃদয়স্পৰ্শী ঘটনাই ওড়িশাৰ চিকিৎসা ব্যৱস্থা আৰু সাধাৰণ মানুহৰ অসহায় অৱস্থাক লৈ পুনৰ প্ৰশ্ন তুলিছে।






























