Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: হাতলৈ টকা-পইচা আহিব যদিও খৰচ বাঢ়িব। বিয়াৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়ীৰ হাতলৈ ধন আহিব। ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম। সৰু-সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ লাভ। শুভৰং ক্রীম। শুভ সংখ্যা ১।
বৃষ: আর্থিক উন্নতিৰ চেষ্টাত বাধা কম। ঘৰুৱা দিশত অৱশ্যে সিমান দুঃচিন্তা নাই। মনৰো শান্তি থাকিব। বিদ্যার্থীৰ একাগ্ৰতা বৃদ্ধিৰ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি হ’ব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৪।
মিথুন: ঘৰলৈ বিশেষ ব্যক্তিৰ আগমনে আপোনাক উপকৃত কৰিব। হাতলৈ টকা-পইচা আহিব। কর্তব্যত আপোনাৰ যোগ্যতা থাকিব। কোনোৱে বাস্তৱ ক্ষেত্ৰত খোজ পেলাই উপকৃত হ’ব। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
কর্কট: আজি শুভ কাম আৰম্ভ কৰিব পাৰে। শিক্ষার্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। প্রেমতো অশান্তিকৰ প্ৰভাৱ থাকিব। সাহিত্য, সংস্কৃতি, ক্রীড়াৰ স’তে জড়িত সকলৰ উন্নতিৰ কাৰক। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৩।
সিংহ: চোৰ-ডকাইতৰ পৰা সাৱধান হ’ব। বিবাহৰ প্ৰস্তাৱ পাব পাৰে। প্ৰতিকাৰ বেল গছৰ গুৰিত ধূপ-চাকি জুলাব। শিক্ষাৰ্থীৰ মনৰ উৎকণ্ঠা বাঢ়িব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। মানসিক ক্ষেত্ৰত অলপ অশান্তি হ’ব। শিক্ষার্থীৰ শুভদিন। বাণিজ্যত বাধাৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ২।
তুলা: চাকৰিৰ কাৰণে স্থান পৰিৱৰ্তন কৰিব লগা হ’ব পাৰে। আনৰ কথা শুনি কোনো কাম নকৰিব। শিক্ষার্থীৰ মনত অসন্তুষ্টি বাঢ়িব পাৰে। আজি আপোনাৰ হাতেৰে শুভ কাম আৰম্ভ হ’ব। শুভ ৰং নীলা। শুভ সংখ্যা ৬।
বৃশ্চিক: প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যৱান বস্তু হেৰাব পাৰে। প্রেম-প্রীতি আৰু সাংসাৰিকত মধ্যমীয়া হ’ব। সাহিত্যিক, খেলুৱৈ, শিল্পীৰ নতুন উন্নতি মূলক কৰ্মৰ প্ৰতি আকৃষ্ট হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৮।
ধনুঃ দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব। ঘৰলৈ মূল্যবান সম্পত্তি আহিব। যিকোনো কামৰ সুফল লাভকৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
মকৰ : স্বাস্থ্যৰ প্ৰতি অধিক যত্ন লওক। অর্থ হানিৰ যোগ দেখা যায়। পৰিয়ালত বিবাদ হ’ব। লাভ বৃদ্ধি হ’ব। প্রেমত আন্তৰিকতা বাঢ়িব। ব্যৱসায়ত সফলতা অর্জন কৰিব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৪।
কুম্ভ: আয় উপাৰ্জনৰ ক্ষেত্ৰত বাধা আঁতৰিব। বিদ্যাত বেয়া দেখা নাযায়। আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
মীন: কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান থাকিব। বিদ্যার্থীসকলৰ বাবে শুভ দিন। চাকৰি প্ৰত্যাশীসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ বিষয়ে চিন্তা কৰক। শুভ ৰং বগা। শুভ সংখ্যা ৮।































