Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: নিজৰ বিচাৰ বুদ্ধিক কামত লগাওতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক। দাম্পত্যত জটিলতা কম। সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুত্বৰ নহ’লেও চিন্তা থাকিব। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ১।
বৃষ: যোৱা দিনৰ তুলনাত আজি ফৰকাল। ঘৰুৱা পৰিৱেশ আপোনাৰ অনুকূল। সতি-সন্ততিৰ বাবে বিশেষ দুৰ্ভৱনা দেখা নাযায়। কর্মক্ষেত্রত আপোনাৰ ব্যক্তিত্ব অক্ষুণ্ণ থাকিব। ভ্রমণত সাৱধান হওক। শুভ ৰং ক্রীম শুভ সংখ্যা ৩।
মিথুন: আর্থিক ক্ষেত্ৰত সাধাৰণ জটিলতা থাকিব। বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আশাংকা থাকিব। প্রেম-প্রীতিত মধ্যম মনোযোগ। ঘৰুৱা উন্নতিৰ প্ৰচেষ্টা বন্ধুৰ আগমন।
কর্কট: আৰ্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক। বিদ্যাত তেনে আহুকাল দেখা নাযায়। বন্ধু-বৰ্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব। নতুন কোনো আশাৰ সন্ধান পালেও গোপনে ৰাখক। শুভ ৰং কমলা, শুভ সংখ্যা ৫।
সিংহ: যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব। কৰ্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে। অৱশ্যে জটিল চক্ৰৰ সাৱধান হওক। ঘৰুৱা মধ্যম। সন্তান শুভ। প্রেমত উৎসাহ। শুভ ৰং সেউজীয়া, শুভসংখ্যা ৭।
কন্যা: দিনটো প্রায় ভালেৰে পাৰ হ’ব। বিদ্যাত কিছু সমস্যা আহিব পাৰে। কর্মস্থানত শৰীৰ ভালে ৰখাৰ যতন কৰক। ভ্রমণ সম্ভৱ। পিছে সাৱধান হওক। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯।
তুলা: (অশুভ প্রভাৱ হ্রাস পাব। বিদ্যার্থীয়ে আদৰ পাব) সংবাদত সুখী হ’ব। কর্মক্ষেত্রত যোগ্যতা থাকিব। ঘৰুৱা জটিলতা সকলোৰে সমান নহ’ব। ব্যৱসায়-বাণিজ্যত বেছি লাভবান নহ’ব পাৰে।
বৃশ্চিক: মজলীয়া দিন। কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব। বিদ্যার্থীৰ সময়টো খুব বেয়া নহ’ব। দাম্পত্যত চঞ্চলতা থাকিব যদিও বিশেষ আহুকাল নাই। সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ। শুভ ৰং নীলা, শুভসংখ্যা ৬।
ধনু: শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ। পাৰিবাৰিক আৰু কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। আৰ্থিকৰ মধ্যম। পঢ়া-শুনাত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৭।
মকৰ: মানসিক দিশত উন্নত দিন। বিদ্যাতো মনোযোগ বঢ়াব পাৰিব। শৰীৰৰ প্ৰতি বিশেষ চিন্তা নাই। দাম্পত্যত বুজা পৰা থাকিব। কিবা প্রাপ্যদি থাকিলে যত্ন কৰক। যোগাত্মক ফল পাব। শুভ ৰং ৰঙা, শুভসংখ্যা ২।
কুম্ভ: সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব। নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক। দাম্পত্যত সামান্য ওফোন্দ-অমিল দৃষ্ট হ’ব। সন্তানৰ ভালেই। আর্থিকত মধ্যম। শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ১।
মীন: কর্মত কোনো লোকৰ দ্বাৰা যাতে বাধা নাপায় লক্ষ্য কৰক। ঘৰুৱাত বেয়া নহ’ব। বিদ্যাত মন দিয়ক। শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ। ভ্রমণ হ’ব পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪।































