Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। অচিনাকি ব্যক্তিৰ লগত মিলামিচা কৰিলে ক্ষতিৰ আশংকা। খং দমাই ৰাখক। ঘৰুৱা কন্দলৰ বাবে সমস্যাত পৰিব। হাতলৈ টকা-পইচা আহিব। প্রতিকাৰ- বেল গছৰ তলত ধূপ-চাকি জ্বলাই শিৱৰ ধ্যান কৰিব।
বৃষ: শুভ ৰং হালধীয়া। শুভ সংখ্যা ৬। মাটি-বাৰীৰ সীমাজনিত সমস্যা হ’ব পাৰে। আজি যুটীয়া ব্যৱসায় আৰম্ভ নকৰিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। প্ৰতিকাৰ- শিৱৰ লিংগত পূজা-অর্চনা কৰি শিৱৰ ধ্যান কৰিব।
মিথুন: শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮। দুর্ঘটনাৰ সম্ভাৱনা আছে। টকা-পইচা লেন-দেন কৰোতে সাৱধান হ’ব। চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে। প্ৰতিকাৰ- ভিক্ষাৰীৰ জলপান কৰাই বগা বস্তু দান কৰিব।
কর্কট: শুভ ৰং নীলা। শুভ সংখ্যা ৬। চাকৰি কৰা জাতকে ধৈৰ্যৰে সকলো কাম কৰিব। সন্তানৰ ভৱিষ্যতৰ কাৰণে কোনো ভাল কাম আজি আৰম্ভ হ’ব। ঋণ মুক্ত হ’ব পাৰে। প্ৰতিকাৰ-সূৰুযমুখী ফুল ঘৰত ৰুই তাৰ গুৰিত পানী ঢালি সূর্যলৈ চাই প্রণাম কৰিব।
সিংহ: শুভ ৰং হালধীয়া। শুভ সংখ্যা-৫। ঘৰৰ মূল ব্যক্তি অসুস্থ হ’ব পাৰে। আনক উপকাৰ কৰি সন্মান লাভ কৰিব। পুত্ৰৰ ভাল কামে গৌৰৱ বঢ়াব। চাকৰিয়ালৰ কৰ্মত বাধা আছে। প্ৰতিকাৰ ঘৰৰ পৰা ওলাওঁতে সূর্যক প্রণাক কৰি ওলাব।
কন্যা: শুভ ৰং ৰঙা। শুভ সংখ্যা ৪। ব্যৱসায়ীসকলৰ ধনাগমনৰ যোগ। শত্ৰুৰ দ্বাৰা ক্ষতি হোৱা’ৰ ভয়। টকা-পইচা সংক্রান্তীয় সমস্যা আহিব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ- লক্ষ্মী নাৰায়ণৰ ধ্যান কৰিব।
তুলা: শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৯। অচিনাকি ব্যক্তিয়ে সমস্যাত পেলাব পাৰে। সন্তানৰ ভুলে অর্থ হানি কৰিব। কর্ম সংস্থাপন হ’ব। পাৰিবাৰিক সমস্যাই অসুবিধাত পেলাব। প্ৰতিকাৰ-ভিক্ষাৰীক খোৱা বস্তু দান কৰিব।
বৃশ্চিক: শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৩। শুভ কাম আজি আৰম্ভ কৰক ভাল ফল পাব। আনৰ সহায়ত উপকৃত হ’ব। চাকৰিৰ খবৰ পাব পাৰে। অলপ সাৱধানে চলাফুৰা কৰিব। আঘাত পোৱাৰ সম্ভাৱনা। প্ৰতিকাৰ- কুম’ৰী ছোৱালীক কিবা দান কৰিব পাৰে।
ধনুঃ শুভ ৰং নীলা। শুভ সংখ্যা ৫। বিবহ সংক্রান্তীয় আলোচনাৰ সুফল পাব। ব্যৱসায়ীৰ নতুন ব্যৱসায়ৰ পথ ওলাব। পিছলি পৰি হাত-ভৰিত আঘাত পাব পাৰে। প্ৰতিকাৰ-শিৱ মন্দিৰত ধূপ-চাকি জ্বলাই শিৱক ধ্যান কৰিব।
মকৰ: শুভ ৰং ৰঙা। শুভ সংখ্যা ৩। কৰিম বুলি ভব’ কাম আৰম্ভ কৰক। ব্যৱসায়ত লাভ কৰিব পাৰিব। বন্ধু বিচ্ছেদৰ সম্ভাৱনা আছে। ভাল কাম কৰি থোৱাৰ ফল লাভ কৰিব। প্ৰতিকাৰ- হনুমানৰ প্ৰতিচ্ছবি মনলৈ আনি তেওঁৰ ধ্যান কৰিব।
কুম্ভ: শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮। কোনো নতুন কামত হ’ত নিদিব। পুৰণা ৰোগত ভোগাসকলৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। সন্তানৰ শুভ। প্ৰতিকাৰ-ভিক্ষাৰীক মিঠা ফল দান কৰিব।
মীন: শুভ ৰং নীলা। শুভ সংখ্যা ৪। ব্যৱসায়ীৰ অৰ্থ লাভৰ যোগ। সন্তনৰ পৰা সুখ লাভ কৰিব। সমস্যা বাঢ়িব। আত্মীয়ৰ পৰা ক্ষতি হ’ব পাৰে। শিক্ষাৰ্থীৰ শুভ ফল প্ৰাপ্তিৰ যোগ। প্ৰতিকাৰ- গা ধুই সূর্য প্রণাম কৰি জল অর্পণ কৰিব।































