Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: ঘৰত আলহী আগমনৰ ফলত মনলৈআনন্দ আহিব। ব্যৱসায় বাণিজ্যত শুভ যদিও আর্থিক ক্ষেত্রত মাধ্যম। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৪।
বৃষ: গধুৰ কাম-কাজৰ পৰা বিৰত থকাই ভাল। দুর্ঘটনা, ৰক্তপাত আদিৰ যোগ দৃষ্টি হয়। গতিকে যিকোনো ধৰণৰ ড্রাইভিং এৰাই চলাই ভাল হ’ব। শুভ ৰং বগা। শুভ সংখ্যা ২।
মিথুন: যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব। দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। চলা-ফুৰাত সতর্ক থাকিব। শুভ ৰং সোণালী। শুভ সংখ্যা ১।
কর্কট: নতুন কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। আকস্মিক দুর্ঘটনাৰ যোগ। প্রেমত শুভ। শুভ ৰং বগা। শুভ সংখ্যা ৩।
সিংহ: এই ৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটো শনি আৰু হনুমান মন্দিৰত ধূপ-বন্তি প্রদান কৰিব। যিকোনো যান-বাহনৰ পৰা সতর্ক থাকিব। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ৬।
কন্যা: আজিৰ দিনটোত আর্থিক লেন-দেন নকৰিব। বিদ্যার্থীসকলৰ বাবে দিনটো শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
তুলা: শাৰীৰিক দিশত মাধ্যম ফল। কর্মস্থান চাকৰিৰ ক্ষেত্ৰত দিনটো শুভ। কথা-বতৰাত সাৱধান থাকিব। সফলতা লাভ কৰিব। শুভ ৰং ক’লা। শুভ সংখ্যা ৭।
বৃশ্চিক: এই ৰাশিৰ জাতক-জাতিকাই শৰীৰৰ প্ৰতি সতর্ক থাকিব। টকা-পইচাৰ কাৰণে কৰ্মৰ ক্ষেত্ৰত বাধা। শুভ ৰং নীলা। শুভ সংখ্যা ৭।
ধনু: পাৰিবাৰিক সমস্যাৰ কাৰণে কৰ্ম আৰু আৰ্থিক ক্ষেত্ৰত বাধা। শৰীৰত আঘাত প্ৰাপ্তিৰ যোগ। জুইৰ পৰা সতর্ক থাকিব। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
মকৰ: যোগ্যতা থকা সত্ত্বেও যোগ্যতাৰ সন্মান নাপাব, দেহ আৰু মনত দুর্বলতা প্রকাশ পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
কুম্ভ: এই ৰাশিৰ জাতক-জাতিকাই নতুন কামত হাত নিদিব। অশুভৰাহুৰ প্ৰভাৱত শৰীৰৰ নিম্নাংশ আঘাত পাব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৭।
মীন: এই ৰাশিৰ বিদ্যার্থীৰ সকলৰ বাবে দিনটো শুভ। ধূপ-বস্তিৰ লগতে ৰঙা ফুল দি হনুমান মন্দিৰত অৰ্পণ কৰিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।































