Today’s Horoscope:দিনটোৰ ৰাশিফল
মেঘ ৰাশি : আজি ঘৰুৱা দিশত বাধা কম পাব। হঠাৎ ব্যস্ততা বৃদ্ধি পাব। ব্যৱসায়ত সমস্যাৰ সমাধান হ’ব। প্রেমত কষ্ট। শুভ ৰং বগা। শুভ সংখ্যা ২।
বৃষ ৰাশি : আজি কৰ্মস্থানত নিজৰ দায়িত্ব পালন কৰক। দাম্পত্যত শুভফল। ব্যৱসায়ত টকা খটুৱালে লাভৰ যোগ। বিবাহৰ যোগাযোগত বাধা। প্ৰেমত বাধা আঁতৰিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
মিথুন ৰাশি : আজি কৰ্মক্ষেত্ৰত সহকর্মীৰ মতামতক প্রাধান্য নিদিব। আর্থিক লেন-দেনত গুৰুজনৰ পৰামৰ্শ লোৱা উচিত। অভিনেতা-অভিনেত্ৰীসকলৰ অশুভ। শুভ ৰং কমলা। শুভ সংখ্যা ৬।
কর্কট ৰাশি: আজি নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। পতি-পত্নীৰ মাজত মত বিৰোধ। শৰীৰৰ প্ৰতি যত্ন ল’ব। প্রেমত শুভ। শুভ ৰং চিলভাৰ। শুভসংখ্যা ৯।
সিংহ ৰাশি: আজি কর্মক্ষেত্রত মান-সম্মান বৃদ্ধিৰ যোগ। দাম্পত্য সম্পর্ক শুভ। ব্যৱসায়ত সফলতা লাভ। প্রেমত বিবাহৰ যোগ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
কন্যা ৰাশি: আজি পুত্র বা কন্যাৰ পৰা ক্ষতিৰ আশংকা। কর্মক্ষেত্রত পদোন্নতিৰ যোগ। ধন লাভৰ যোগ। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। শুভ ৰং ক’লা। শুভ সংখ্যা ৩।
তুলা ৰাশি: আজি অপ্রয়োজনীয় কথাত মন গধুৰ হৈ থাকিব। বিদ্যাত শুভ। ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ। প্রেমত শুভ। শুভ ৰং নীলা। শুভসংখ্যা ৪।
বৃশ্চিক ৰাশি : আজি শৰীৰ শুভ। পাৰিবাৰিক ক্ষেত্ৰত সু-সংবাদ লাভৰ যোগ। অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখিব। প্ৰেমত আনন্দ। শুভ বং ৰঙা। শুভ সংখ্যা ৮।
ধনু ৰাশি : আজি কোনো শুভ সংবাদৰ যোগাযোগত উন্নতি। ভ্রমণত বাধা। আর্থিক দিশত বাধা। প্রেমত সাৱধান। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ২।
কুম্ভ ৰাশি: আজি ব্যৱসায়ত চিন্তাৰ কোনো কাৰণ নাই। কৰ্মক্ষেত্ৰত শুভ। দাম্পত্যত শুভ। মানসিক দিশত শান্তি। প্রেমত মধ্যম। শুভ ৰং ক’লা। শুভসংখ্যা ৪।
মীন ৰাশি: আজি যোগাযোগত সুফল কম পাব। শৰীৰ সম্পর্কে চিন্তা। খৰচ-পাতি বৰ্জন কৰক। ঘৰত আলহীৰ আগমন হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।































