Election Campaign:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ আঠটা দিন থকা অৱস্থাত সকলো ৰাজনৈতিক দলে তীব্ৰতৰ কৰিতুলিছে প্ৰচাৰাভিযান ৷প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল তাৰকা প্ৰচাৰকে ৷ শাসক দলৰ হৈ গৃহমন্ত্ৰী অমিত শ্বাহ ,বিজেপি সভাপতি নিতীন নবীনে এনডিএ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইহি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে ৷
আনহাতে ১ আৰু ২ এপ্ৰিললত অসমলৈ আহিব কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ প্রিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী৷ নাজিৰা আৰু খোৱাং সমষ্টিত প্রিয়ংকা গান্ধীয়ে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লোৱাৰ বিপৰীতে ৰাহুল গান্ধীয়ে কাৰ্বি পাহাৰৰ বোকাজানত দলীয় প্ৰাৰ্থীৰ হৈ বজাব ৰণডংকা ৷
উল্লেখ্য যে যোৱা এসপ্তাহ ধৰি ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলত অব্যাহত থকা কিনকিনিয়া বৰষুণৰে বিভিন্ন দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে ৷ অৱশ্যে প্ৰতিকুল বতৰকো নেওচি সকলোৱ প্ৰচাৰ চলাই গৈছে ৷






























