Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Guwahati :শিষ্টাচাৰহীন বাকযুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক সন্মান, আদৰ্শ-পৰিৱৰ্তনৰ শ্ল’গান

ৰথী-মহাৰৰ্থীৰ ভিৰৰ মাজত দৃষ্টি আকৰ্ষণৰ চেষ্টা

publisher by publisher
April 1, 2026
in News
Reading Time: 1 min read
0
Guwahati :শিষ্টাচাৰহীন বাকযুদ্ধৰ পৰিৱৰ্তে পাৰস্পৰিক সন্মান, আদৰ্শ-পৰিৱৰ্তনৰ শ্ল’গান
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভা নির্বাচন সম্মুখত। ভোটদানলৈ মাজত মাথোঁ কেইটামান দিন। গতিকে ৰাজ্যৰ চাৰিওদিশে মাৰাথন নির্বাচনী প্রচাৰ। শাসকীয় এনডিএ মিত্ৰজোঁটৰ সমর্থনত প্রধানমন্ত্রী, গৃহমন্ত্রী, বিত্তমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিশাসিত বহু ৰাজ্যৰ মুখ্যমন্ত্রী আৰু উপ-মুখ্যমন্ত্রী পর্যন্ত ৰাজ্যত উবুৰি খাই পৰিছে। তদুপৰি দলে বলে আহিছে শাসকীয় দলৰ ৰথী-মহাৰথী। সমান্তৰালকৈ বিৰোধীৰ সাংসদ, বিধায়ক আৰু ৰাষ্ট্ৰীয় নেতৃত্বয়ো ভিৰ কৰিছে আসমত। অংশগ্রহণ কৰিছে নির্বাচনী প্ৰচাৰ কাৰ্যত। ক্ৰমশঃ গৰম হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ। তুংগত উঠিছে বাকযুদ্ধ, মৌখিক আক্রমণ-প্রত্যাক্রমণ। ৰাজ্যৰ উত্তৰপাৰত, বিশেষকৈ জোনাই আৰু নদুৱাৰ সমষ্টিত সংঘটিত হিংসাত্মক ঘটনাই পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তুলিছে। অস্থিৰ কৰি তুলিছে। ব্যতিক্রম মাথোঁ ৰাজধানী মহানগৰীৰ তিনি সমষ্টি।

ADVERTISEMENT

ৰাজধানী মহানগৰীৰ তিনি সমষ্টি- নিউ গুৱাহাটী, মধ্য গুৱাহাটী, আৰু জালুকবাৰীৰ ৰাজনৈতিক পৰিৱেশৰ মাদকতাই সুকীয়া। সেই তিনিওটা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়োৱা শাসক-বিৰোধী প্ৰাৰ্থীৰ প্ৰচাৰ কৰাৰ ধৰণ, ৰণনীতিয়ে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে। বিশেষকৈ বিৰোধী ঐক্যমঞ্চৰ তিনি যুৱ প্রার্থী বিদিশা নেওগ, কুংকী চৌধুৰী আৰু শান্ড্যু বৰাৰ ৰাজহুৱা আচৰণ আৰু প্ৰচাৰ প্ৰণালীয়ে সৰ্বত্রে চর্চা লাভ কৰিছে। তিনিওগৰাকী উচ্চ শিক্ষিত যুৱ নেতা-নেত্রীয়ে প্রতিপক্ষৰ প্ৰতি প্ৰদৰ্শন কৰা পাৰস্পৰিক সম্মান আৰু সহমর্মিতাই প্রশংসা বুটলিবলৈ সক্ষম হৈছে। ৰাজ্যৰ ৰাজনীতিত তিনিওগৰাকী যুব নেতাৰ আগমনে অনাগত দিনত ৰাজনৈতিক বাকধাৰাৰ সলনি কৰিব নেকি, নির্বাচনী ৰাজনীতিক শত্রুতাৰ পৰিৱৰ্তে আদৰ্শৰ যুঁজলৈ ৰূপান্তৰ কৰিব নেকি, ধনবল বাহুবলৰ পৰিৱৰ্তে সুস্থ গণতান্ত্রিক পৰম্পৰা প্ৰতিষ্ঠা কৰিব নেকি তাক লৈও সচেতন নাগৰিকৰ মাজত আশাৰ সঞ্চাৰ হৈছে।

# প্রতিপক্ষক পাৰস্পৰিক সন্মান প্রদর্শন

নিউ গুৱাহাটী সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ সমর্থিত কংগ্ৰেছ প্রার্থী, যুৱ নেতা শান্তনু বৰাৰ প্ৰসংগ বিশেষভাৱে উল্লেখযোগ্য। নির্বাচনী প্ৰচাৰৰ সময়ত সমষ্টিৰ বিভিন্ন প্রান্তত তেওঁ প্রায়েই মুখামুখি হয় এনডিএ সমর্থিত বিজেপি প্রার্থী বিধায়ক দিপ্লুৰঞ্জন শৰ্মাৰ স’তে। দুয়োজন নেতাই লগ পালেই হাঁহি মুখে কৰমদন কৰে। প্ৰচাৰ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ইজনে আনজনক আন্তৰিকতাৰে শুভেচ্ছা দিয়ে, সম্মান প্রদর্শন কৰে। মূল প্রতিদ্বন্দ্বী তথা বিজেপি প্রার্থী দিপ্পু ৰঞ্জন শর্মা সন্দৰ্ভত কংগ্ৰেছৰ যুৱ প্রার্থী শান্তনু বৰাৰ স্পষ্ট মত, ‘গুৱাহাটীতেই মোৰ জন্ম। ইয়াতেই মই ডাঙৰ-দীঘল হৈছো। মোৰ সন্মানীয় প্রতিদ্বন্দ্বী দিপ্লু ৰঞ্জন শর্মা জন্মগতভাবে গুৱাহাটীৰ বাসিন্দা নহয়। কিন্তু বিজেপিয়ে নিশ্চয় এটা মহান লক্ষ্য লৈ আৰু দীর্ঘম্যাদী পৰিকল্পনাৰে নিউ গুৱাহাটী সমষ্টিত প্রার্থীৰূপে প্রক্ষেপ কৰিছে। মই তেওঁক আগতেও শুভেচ্ছা জনাইছো, এতিয়া শুভেচ্ছা জনাম। তেওঁ খুব সুন্দৰকৈ প্ৰচাৰ চলাই আছে। ৰাইজৰ মন জয় কৰিবলৈ চেষ্ট কৰি আছে। সমান্তৰালকৈ ময়ো চেষ্টা কৰি আছো। মূল কথা হ’ল, শেষ সিদ্ধান্ত ৰাইজেই ল’ব। ৰাইজে যাক মৰম, আশীৰ্বাদ আৰু বিশ্বাসত ল’ব তেৱেঁই শেষ হাঁহি মাৰিব।’

সমষ্টিটোৰ প্ৰতি ঘৰলৈ উন্নয়ন, প্রতিগৰাকী ব্যক্তিলৈ সুযোগ আৰু প্ৰতিটো কণ্ঠলৈ সন্মান প্রদান কৰাই তেওঁৰ মূল লক্ষ্য বুলি দাবী কৰি কংগ্ৰেছ প্রার্থী শান্তনু বৰাই কয় যে চলিত নির্বাচনত সভা-সমিতি আয়োজন কৰি, বৃহৎ বৃহৎ পেণ্ডেল নির্মাণ কৰি ৰাইজক ঘৰৰ পৰা উলিয়াই অনাটো কংগ্ৰেছৰ লক্ষ্য নহয়, বিপৰীতে প্রার্থীয়ে নিজেই প্রতিঘৰৰ পদুলিলৈ যোৱাটোহে মূল লক্ষ্য। কংগ্রেছ প্রার্থী বৰাই কয়, ‘যোৱা ১০ বছৰে বিজেপি ক্ষমতাত আছে। বিজেপি চৰকাৰৰ উন্নয়নৰ খতিয়ান ৰাইজে নিশ্চয় লৈছে। এটা কথা উল্লেখযোগ্য যে এইবাৰ নিউ গুৱাহাটীৰ ৰাইজে, অসমৰ ৰাইজে নতুনত্ব বিচাৰিছে। বিশেষকৈ গৌৰৱ গগৈৰ নেতৃত্বত এখন সুস্থ, সবল আৰু নিকা চৰকাৰ বিচাৰিছে। ৰাইজে স্বতঃস্ফূর্তভাৱে পৰিৱৰ্তন বিচাৰিছে কাৰণেই আমি অত্যন্ত আত্মবিশ্বাসেৰে আগবাঢ়িছো।’

মধ্য গুৱাহাটীৰ বিৰোধী ঐক্যমঞ্চ সমর্থিত অসম জাতীয় পৰিষদৰ যুৱ প্রার্থী কুংকী চৌধুৰীৰ প্ৰচাৰ কাৰ্যও লেখত ল’বলগীয়া। সমষ্টিৰ চুকে-কোণে আগ্রাসী ৰূপত নির্বাচনী প্রচাৰ চলাই আহিছে যদিও মূল প্রতিদ্বন্দ্বী তথা বিজেপি প্রার্থী বিজয় গুপ্তা সন্দর্ভত প্রকাশ কৰা প্ৰতিটো মন্তব্য অতি নম্র আৰু নিয়ন্ত্রিত। শাসকীয় দলৰ প্ৰাৰ্থী সন্দৰ্ভত অজাপৰ প্ৰাৰ্থী কুংকী চৌধুৰীয়ে কয় যে বিজয় গুপ্তা কেবল প্রতিদ্বন্দ্বীয়েই নহয়, তেওঁ এগৰাকী জ্যেষ্ঠ নেতা, আৰু যথেষ্ট অভিজ্ঞতা আছে। জ্যেষ্ঠ নেতারূপে বিজয় গুপ্তাৰ পৰা আজিৰ প্ৰজন্মৰ ৰাজনীতিবিদে বহুখিনি শিকিবলগীয়া আছে বুলিও অজাপৰ প্রার্থী চৌধুৰীয়ে কয়।

নৱপ্ৰজন্মৰ প্ৰতিনিধিৰূপে মূল্যবোধৰ ৰাজনীতি কৰিব বিচাৰে বুলি অভিমত প্রকাশ কৰি যুৱ নেত্ৰী গৰাকীয়ে লগতে কয় যে সমষ্টিটোৰ কৃত্রিম বানপানী সমস্যা, শৈক্ষিক সম্পদ সৃষ্টি আৰু আন্তঃগাঁথনি উন্নয়ন, যুৱপ্ৰজন্মৰ কাৰণে কৌশল আৰু দক্ষতা বিকাশ, কর্মসংস্থাপন সৃষ্টি, মহিলাৰ সুৰক্ষা আৰু সৱলীকৰণৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ৰাইজক প্রতিশ্রুতি দিয়া হৈছে যদিও ৰাইজে উচিত বিচাৰ কৰি সঠিক সিদ্ধান্ত ল’ব আৰু বিৰোধীৰ পক্ষত ভোটদান কৰিব বুলিও কুংকীয়ে দাবী কৰে।

বিৰোধী ঐক্যমঞ্চ সমর্থিত কংগ্ৰেছৰ আন এগৰাকী যুৱ নেত্রী তথা জালুকবাৰী সমষ্টিৰ প্ৰাৰ্থী বিদিশা নেওগৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যয়ো বহুতৰ দৃষ্টি আকর্ষণ কৰিছে। একে সময়তে, মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দুর্গ স্বৰূপ জালুকবাৰী সমষ্টিত বিৰোধীয়ে এগৰাকী স্বল্পখ্যাত, নির্বাচনী ৰাজনীতিৰ পূৰ্ব অভিজ্ঞতা নথকা যুৱ নেত্রীক প্রার্থিত্ব দিয়া প্রসংগক লৈও সমষ্টিটোত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে। একাংশ সচেতন নাগৰিক আৰু ৰাজনৈতিক বিশ্লেষকে দাবী কৰিছে যে মুখ্যমন্ত্রী ড° শৰ্মাৰ বিৰুদ্ধে যিকোনো দলৰ প্ৰাৰ্থীৰ নিশ্চিত পৰাজয়ৰ উমান পায়েই কংগ্রেছে যুৱ নেত্রী এগৰাকীক প্রার্থিত্ব দি সম্পৰীক্ষা চলাইছে আৰু দলটোৰ অস্তিত্ব বাহাল ৰখাৰ প্ৰয়াস কৰিছে। তাৰ বিপৰীতে অত্যন্ত আত্মবিশ্বাসী কংগ্ৰেছৰ যুৱ নেত্ৰীগৰাকীয়ে কয় যে প্রতিদ্বন্দ্বী যি পদবীতেই নাথাকক কিয়, বিৰোধীৰ লক্ষ্য হ’ল দুর্নীতি আৰু ভ্ৰষ্টাচাৰৰ দীঘলীয়া অভিযোগ থকা ৰাজনীতিবিদ এগৰাকীক ক্ষমতাৰ পৰা পদচ্যুত কৰা, সমষ্টিটোৰ পৰা বিতাৰণ কৰা। বিদিশা নেওগে কয় যে যুৱ নেত্রীৰূপে তেওঁ প্রতিদ্বন্দ্বীৰ পদবীক লৈ চিন্তিত নহয়। ৰাজনীতিত ভাল মনৰ মানুহ, ভাল আদৰ্শৰ মানুহ, সমাজখনক আপোন কৰিব পৰা মানুহৰ প্ৰয়োজন আৰু সেই অভাৱ পুৰণ কৰাৰ স্বাৰ্থতেই চৰকাৰী চাকৰি এবি দলীয় ৰাজনীতিত প্রৱেশ কৰিছে বুলিও যুৱ নেত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয়, ‘মই সাধাৰণ ঘৰৰ ছোৱালী। মোৰ কোনো সম্ভ্রান্ত পৰিচয় নাই। যুৱপ্ৰজন্মৰ প্ৰতিনিধিৰূপে আমাৰ ৰাজনৈতিক আদর্শ, লক্ষ্য-উদ্দেশ্য স্পষ্ট। দুর্নীতি-ভ্রষ্টাচাৰৰ বিৰুদ্ধে, গণতন্ত্র শেষ কৰিব বিচৰা দলৰ বিৰুদ্ধে, সংবিধান শেষ কৰিব বিচৰা দলৰ বিৰুদ্ধে, ছিণ্ডিকেট চলোৱা নেতা আৰু দলৰ বিৰুদ্ধে যুঁজ কৰি আজিৰ প্ৰজন্মই বিচৰা চৰকাৰ এখন প্ৰতিষ্ঠা কৰাই আমাৰ লক্ষ্য।’

ৰাজ্যৰ বাহিৰৰ, দেশী-বিদেশী গৱেষক, পর্যটকে বিমান কোঠৰৰ পৰা ওলাই আহি প্রথম জালুকবাৰীখনেই দেখা পায় যদিও জালুকবাৰী সমষ্টিটো আজি কিছুদিন ধৰি আন্তঃৰাষ্ট্ৰীয় মানৰ নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি যুৱ নেত্রী বিদিশা নেওগে কয় যে সমষ্টিবাসীয়ে পৰিৱৰ্তন বিচাৰিছে বৃহত্তৰ সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত, বিকাশৰ স্বাৰ্থত। পৰিৱৰ্তনৰ যুঁজত কাৰো ব্যক্তিগত স্বার্থ নিহিত হৈ থকাটো উচিত নহয় আৰু তাক অন্তত আজিৰ প্ৰজন্মই নিবিচাৰে বুলিও যুৱ নেত্ৰীগৰাকীয়ে প্রকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Guwahatispecial four candidate
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d