Today’s Horoscope:দিনটোৰ ৰাশিফল
মেঘ ৰাশি : আজি আনৰ কথাত আহি বিপদত পৰিব। হঠাৎ শৰীৰ অসুস্থ হ’ব পাৰে। বিদ্যাত মধ্যম। ঘৰুৱা দিশত চিন্তা থাকিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৭।
বৃষ ৰাশি : আজি পুৰণি সমস্যাৰ পৰা পৰিত্ৰাণ পাব। ভাই-ভনীৰ লগত বিবাদ। দাম্পত্যত শুভ। প্রেমত বুজা বুজি। শুভ ৰং ৰঙা। শুভ সংখ্যা ২।
মিথুন ৰাশি: আজি আকস্মিক দুর্ঘটনা হোৱাৰ সম্ভাৱনা। মাতৃৰ শৰীৰৰ যত্ন লোৱা উচিত। যান-বাহন চলাওতে সাৱধান। প্রেমত কষ্ট। শুভ ৰং সোণালী। শুভ সংখ্যা ৮।
কর্কট ৰাশি: আজি অযথা ধন খৰচ নকৰিব। বিদ্যাত শুভ। সম্পত্তি প্ৰাপ্তিৰ যোগ। পাৰিবাৰিক দিশত শান্তি বজাই থাকিব। প্রেমত শুভ। শুভৰং বগা। শুভ সংখ্যা ৩।
সিংহ ৰাশি: আজি কৰ্মক্ষেত্ৰত সহকর্মীৰ স’তে বাদ বিবাদ হ’ব পাৰে। ৰক্তচাপ বৃদ্ধি পাব। আর্থিক দিশত উন্নতি। প্রেমত সন্দেহ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৬।
কন্যা ৰাশি: আজি পৰাপক্ষত ভ্ৰমণ নকৰাই ভাল হ’ব। মূল্যবান সম্পদ ক্ৰয় কৰিব পাৰিব। দাম্পত্যত জটিলতা। প্রেমত উৎসাহ। শুভ ৰং সুমথিয়া। শুভ সংখ্যা ১।
তুলা ৰাশি: আজি ব্যৱসায়ত লাভৱান হোৱাৰ যোগ। যাত্ৰা কৰিব পাৰে। নতুন বস্ত্র লাভ। যান-বাহন ক্ৰয় কৰিব পাৰিব। প্ৰেমত বাধা। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৯।
বৃশ্চিক ৰাশি: আজি নতুন যান বাহন ক্রয় কৰিব পাৰে। স্বাস্থ্য ভালে নাযাব। শিক্ষার্থীৰ বাবে শুভ। শত্ৰুৱে ক্ষতি কৰিবৰ চেষ্টা কৰিব পাৰে। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ৪।
ধনু ৰাশি: আজি যথেষ্ট পৰিশ্ৰম হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান। ব্যৱসায় বাণিজ্যত সফলতা লাভ কৰিব। প্ৰেমত সমস্যা বৃদ্ধি পাব। শুভ ৰং নীলা। শুভ সংখ্যা ৫।
মকৰ ৰাশি : আজি খং-ৰাগ কমাওক। পুৰণি ৰোগত কষ্ট পাব পাৰে। কাকোকে টানকৈ কথা নক’ব। বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব। শুভ ৰং চিলভাৰ। শুভ সংখ্যা ৮।
কুম্ভ ৰাশি: আজি পাৰিবাৰিক দিশত অশান্তি। ভৰিৰ বিষে আমনি কৰিব পাৰে। বিদ্যাত যত্ন লোৱা উচিত। প্রেমত মধ্যম ফল। শুভ ৰং কমলা। শুভসংখ্যা ২।
মীন ৰাশি: আজি যান-বাহন চলাওতে সাৱধান হ’ব। ধনৰ আগমন হ’ব পাৰে। শুভ কার্য সম্পন্ন নকৰিব। মনৰ আশা পূৰণ হ’ব পাৰে। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।































