Brutal murder in Naobaicha:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এক শিহৰণকাৰী ঘটনাই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য ৷ শুনিলে গাৰ নোম শিয়ৰি উঠিব সকলোৰে । কিমান নৃশংস হ’ব পাৰে এজন পিতৃ ৷ চলন্ত ৰে’লতে নিজৰ ৮ বছৰীয়া কন্যাক শি*ৰশ্ছেদ কৰে পিতৃয়ে ৷ ডেকাৰগাঁৱৰ পৰা মুৰ্কংচেলেক অভিমুখী ৰে’লত সংঘটিত হয় এই নৃশংস ঘটনা ৷ নাওবৈচাৰ চিলনীবাৰী ৰে’ল ষ্টেচনত ঘাতক পিতৃ সুনীল মুর্মুয়ে পলায়নৰ চেষ্টা কৰে যদিও যাত্ৰী আৰু স্থানীয় লোকৰ তৎপৰতাত ধৰিবান্ধি আৰক্ষীক গতাই দিয়া হয়।
উল্লেখ্য যে পিতৃৰ স’তে একেলগে অহা কিশোৰী কন্যা গৰাকীক যাত্ৰীৰ সন্মুখতে শিৰশ্ছেদ কৰিছিল ঘাতক পিতৃয়ে ৷নিহত কিশোৰী গৰাকীৰ ঘৰ ধেমাজিৰ চাউতালপুৰত । কি কাৰণত নিজ জীয়ৰীক নৃশংসভাৱে হত্যা কৰিবলগীয়া হ’ল এই সন্দৰ্ভত মুখ খোলা নাই ঘাতক সুনীল মুর্মুয়ে ৷ অৱশ্যে ঘটনা সন্দৰ্ভত নাওবৈচা আৰক্ষী তদন্ত আৰম্ভ কৰিছে।




































