Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ। ঘৰুৱাত শুভকর্ম সম্পাদক। শৰীৰ সম্পর্কে সচেতন থাকক। আর্থিকত মজলীয়া। শুভ ৰং নীলা। শুভ সংখ্যা ২।
বৃষঃ কর্মাদিত মজলীয়া কোনো দায়িত্ব কৰি সুখ। বিদ্যাতো বেয়া নহ’ব। জ্ঞাতি কুটুম্বৰ চিন্তা থাকিব। বৰ্তমান পৰিৱেশৰ কথা ভাবি ফুৰা-চকাত নিজে সতর্ক থাকক। বন্ধুৰ সংগত সুখ। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
মিথুন: পঢ়া-শুনাত মন বঢ়াওক। জ্ঞাতি কুটুম্বৰ লগত সম্ভাৱ মজলীয়া। বন্ধু-বৰ্গৰ সংগ বা আগমন। ব্যৱসায়ত চিন্তা কম। আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা। শুভসংখ্যা ৪।
কর্কট: আর্থিকত খা-খৰচ বৃদ্ধি। বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনো কাৰণে আনন্দিত হ’ব। কিবা পৰিৱৰ্তনৰ নতুত্ব অনুভৱ। বিদ্যাত যত্ন শুভ ৰাখক। অভাৱত চিন্তাৰে সময় নষ্ট নকৰিব। সু-সংবাদ। শুভৰং বগা। শুভ সংখ্যা ৭।
সিংহ: কৰ্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়। মনৰ অৱস্থা মধ্যম। কোনো কাৰণে মনত দুখ আহিব পাৰে। বিদ্যাত বেয়া দেখা নাযায়। প্রেমত দুৰ্ভৱনা থাকিব। শুভ ৰং নীলা। শুভসংখ্যা ৮।
কন্যা: বৰ উন্নত দিন নহ’ব। এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব। অভাৱত কাৰো প্ৰতি খং কৰি লাভ নাই বুলি পাছত বুজিব। উদ্বিগ্নতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১।
তুলা: যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব। কৰ্তব্যত নিজৰ দক্ষতা থাকিব। কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে। বিদ্যাত অনুকূল পৰিৱেশ। ভ্রমণ চিন্তা কৰিলেও কষ্ট। শুভ ৰং বগা। শুভ সংখ্যা ২।
বৃশ্চিক: কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল। যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব। বিদ্যাত সিমান বেয়া নাযায়। খাদ্যৰ প্ৰতি নজৰ ৰাখক। নতুন সংযোগৰ আশা। শুভ ৰং গেৰুৱা। শুভ সংখ্যা-৮।
ধনুঃ কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুত্বৰ কাম আদি হাতত ল’লেও ভবা-শুনা কৰি ল’ব। নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলি-মেলি থাকিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
মকৰ : আজি পূর্বদিনতকৈ উন্নত। মনত দৃঢ়তাও থাকিব। যোগাযোগৰ পৰা উপকৃত হ’ব। উপৰুৱা ব্যৱসায়ত অনুকূলতা। মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবে চিন্তা কৰাটো দৰকাৰ। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
কুম্ভ: আর্থিকত হাত ধৰি চলক। বন্ধু-বান্ধৱৰ লগত সম্ভাৱ ৰাখিবলৈ সক্ষম হ’ব। আজি পূর্বদিনৰ তুলনাত কিছু উন্নত। শুভ ৰং নীলা। শুভসংখ্যা ৮।
মীন: আকস্মিক কোনো সুযোগ বা সহায় সহযোগিতাৰ সম্ভাৱনা। মাতৃৰ শৰীৰ সম্পৰ্কে চিন্তা বাকী পুজ্যজনৰ অৱশ্যে ভালেই দেখা যায়। নতুন যোগাযোগ অনুকূল আশা। বিদ্যাত বেয়া দেখা নাযায়। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।































