Today Horoscope:দিনটোৰ ৰাশিফল
মেষ: ৰাতিপুৱা ভালেই যাব যদিও আবেলি ভাগত কর্মক্ষেত্রত সহকৰ্মীৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱাত উন্নতি। শুভ ৰং কমলা।
বৃষ: দিনটো মজলীয়া হ’লেও সাৱধানেৰে পাৰ কৰক। লটাৰীত প্ৰাপ্তিৰ যোগ দেখা যায়। প্রেম-প্রণয়ত বেছি আবেগিক নহ’ব। শুভ ৰং নীলা।
মিথুন: ভাবি-চিন্তি অচিনাকি মানুহৰ লগত কথা কওক নহ’লে বিপদত পৰিব পাৰে। সন্তানৰ শৰীৰ ভাল নাযাব। ঘৰুৱাত মধ্যম ফল আশা কৰিব পাৰে। শুভ ৰং আকাশী।
কৰ্কট: কৰ্মৰ ওপৰত বিশ্বাস ৰাখক দিনটো ভালেৰে পাৰ হ’ব। মামলা-মোকদমাত জয়লাভ। ব্যৱসায়ীসকলৰ নতুন পদ খুলিব। বিদ্যার্থীৰ মনোবাঞ্ছা পূৰণ হ’ব। শুভ ৰং বগা।
সিংহ: আর্থিক উন্নতিত বাধা। গতানুগতিক কামত বেছি বাধা নাই। ভ্রমণত দ্রব্য লাভ। বিবাহৰ ক্ষেত্ৰত থকা বাধা আঁতৰি যাব। শুভ ৰং বগা।
কন্যা: ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ। পত্নীৰ সহযোগিতা লাভকৰিব। প্রতিষ্ঠিত ব্যৱসায়ীৰ বাবে দিনটো শুভ। ঘৰুৱাত অশান্তিৰ সৃষ্টি। শুভ ৰং নীলা।
তুলা: নতুন কোনো সৎলোকৰ লগত সাক্ষাৎ। কর্মাদিত শৃংখলা অটুট থাকিব। নিজৰ শৰীৰৰ প্ৰতি যত্ন লওক। বিদ্যার্থীয়ে মজলীয়া ফল লাভকৰিব। শুভ ৰং সেউজীয়া।
বৃশ্চিক: চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বন্ধুৰ পৰা সহানুভূতি লাভ। ঘৰুৱাত মোটামুটি শুভ। প্রেম-প্রণয়ত সামাজিক অপবাদ। শুভ ৰং বগা।
ধনু: আর্থিক দিশত আয়তকৈ ব্যয় বৃদ্ধি পাব। অলাগতিয়াল কথাত কাণ নিদিয়াই ভাল। ঘৰুৱাত সন্দেহ ভাব ঘনীভূত হ’ব পাৰে। শুভ ৰং ক’লা।
মকৰ : দুপৰীয়াৰ সময়ত আঘাত পাব পাৰে। ঘৰত আলহীৰ সমাগম। কৰ্মত মনোমত পৰিৱেশ আশা কৰিব পাৰে। শুভ ৰং ৰঙা।
কুম্ভ: মনৰ স্থিৰতা বজাই ৰখা দৰকাৰ। শৰীৰ ভালেই যাব। নিবনুৱাসকলে চাকৰি বিচাৰি পাব। বিদ্যাৰ্থীৰ কাৰণে দিনটো অনুকূল। শুভ ৰং গুলপীয়া।
মীন: ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰি। বৈবাহিক জীৱনত বাধা থাকিব। দৈহিক ক্ষেত্রত শুভ। বিদেশ যাত্ৰাৰ সম্ভাৱনা। শুভ ৰং বগা ৷
































