NASA Artemis :✒️মহাকাশ গৱেষণাত সৃষ্টি হ’ল নতুন ইতিহাস। চন্দ্ৰৰ কোনোদিনে নেদেখা দিশটোকে এইবাৰ দেখুৱালে নাছাৰ আর্টেমিছ-২ অভিযানে। যিটো দিশ ইমানদিনে মানুহৰ বাবে অন্ধকাৰত আছিল, সেয়া পোহৰলৈ আহিছে আর্টেমিছ-২ৰ জৰিয়তে।
চন্দ্ৰপৃষ্ঠৰ খলা-বমা ভূমি দেখি আচৰিত হৈছে সকলো। পৃথিৱীৰ উপগ্ৰহৰ এই নতুন ৰূপৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে এলন মাস্কে। তাতেই স্পষ্ট হৈছে চন্দ্ৰৰ বুকুত গাঁতৰ পৰা আৰম্ভ কৰি অমসৃণ ভূমিৰ দৃশ্য।
কোৱা হৈছে যে এয়াই চন্দ্ৰৰ ইমানদিনে অনালোকিত দিশ। আর্টেমিছ-২ অভিযানৰ অৰিয়ন স্পেচক্রাফ্টে চন্দ্ৰৰ চৌপাশে প্রদক্ষিণ কৰাৰ সময়ত ঠিক এই অংশতে পোহৰ পেলাইছে। তাতেই উঠি আহিছে স্পষ্ট ছবি। সম্প্ৰতি চন্দ্ৰৰ এই ৰূপক লৈ ব্যাপক চৰ্চা আৰম্ভহৈছে।
ইতিহা গঢ়ি পাঁচ দশকৰ পাছত চন্দ্র অভিযানলৈ মহাকাশচাৰীক প্ৰেৰণ কৰিছে নাছাই। যোৱা বৃহস্পতিবাৰে পুৱা তিনিজন আমেৰিকান আৰু এজন কানাডিয়ান মহাকাশচাৰীক লৈ ফ্ল’ৰিডাৰ কেনেডী স্পেচ চেণ্টাৰৰ পৰা বিশাল আকাৰৰ কমলা-বগা ৰঙৰ মহাকাশ যানখনে চন্দ্র অভিমুখে উৰা মাৰে।
সোমবাৰে সন্ধিয়া সময়ত যানখনে নির্দিষ্ট গন্তব্য স্থানত উপস্থিত হয়। নাছাই পৰিকল্পনা কৰিছে যে আগন্তুক ১০ দিনত ঘণ্টাত প্রায় ৯৬০০ কিলোমিটাৰ গতিবেগত মহাকাশ যানখনে চন্দ্রক প্রদক্ষিণ কৰিব আৰু তেতিয়াই চাৰি মহাকাশচাৰীয়ে বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলাব।
অৱশ্যে আর্টেমিছ-২ যানে চন্দ্ৰৰ চাৰিওফালে ঘূৰিলেও এই সময়ত চন্দ্ৰপৃষ্ঠত অৱতৰণৰ কোনো পৰিকল্পনা নাই।
সম্প্রতি এই মহাকাশ যানেই চন্দ্ৰৰ নেদেখা দিশটোৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে। সেই সময়খিনিত নাছাৰ স্পেচ নেটৱৰ্কৰ স’তে যানখনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল। পাছত যেতিয়া যানখনক দেখা পোৱা যায়, এলন মাস্কৰ উপৰি সেই ভিডিঅ’ শ্বেয়াৰ কৰিছে আন এজন ব্যৱসায়ী মাৰিঅ’ নওফেলাই।
তেওঁ লিখিছে, ‘৪০ মিনিট সম্পূৰ্ণ অন্ধকাৰত থকাৰ পাছত আর্টেমিছ পুনৰ স্বস্থানলৈ উভতি আহিছে। সেই ৪০ মিনিটত যানখন চন্দ্ৰৰ অন্ধকাৰ দিশটোত আছিল, সেই বাবেই দেখা নগৈছিল।’ ইয়াৰ পূৰ্বে নিজৰ গন্তব্য স্থানত উপস্থিত হৈয়েই আর্টেমিছ-২ যানে প্ৰেৰণ কৰিছিল আমাৰ নীলা গ্ৰহৰ একাংশ অনুপম ফটো। তাৰ ভিতৰত এখনত দেখা গৈছিল ক’লা অন্তৰীক্ষত নীলা ৰঙৰ উজ্জ্বল পৃথিৱীখনক।






























