ৰাজ্যত চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজতে সংঘটিত হৈছে এক দুঃখজনক ঘটনা । নদুৱাৰ সমষ্টিত ভোটগ্ৰহণৰ সময়তে মৃত্যু হৈছে এজন দায়িত্বত থকা ভোটকর্মীৰ ।
প্ৰাপ্ত তথ্য অনুসৰি, ভোটগ্ৰহণ চলি থকা অৱস্থাত হঠাৎ অসুস্থ হৈ পৰে সংশ্লিষ্ট ভোটকর্মীজন। তৎক্ষণাৎ তেওঁক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
এই ঘটনাই নিৰ্বাচনী কৰ্মচাৰীসকলৰ মাজত শোকৰ পৰিৱেশ সৃষ্টি কৰিছে।
প্ৰশাসনৰ ফালৰ পৰা জনোৱা মতে, ঘটনাটোৰ সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মৃতকৰ পৰিয়ালক সহায় আগবঢ়োৱা হ’ব।
উল্লেখযোগ্য যে, কঠোৰ সুৰক্ষা ব্যৱস্থাৰ মাজতে সমগ্ৰ ৰাজ্যত ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। এই ঘটনাৰ পাছতো সংশ্লিষ্ট সমষ্টিত ভোটগ্ৰহণ স্বাভাৱিকভাৱে অব্যাহত ৰাখা হৈছে বুলি সূত্ৰে জানিবলৈ দিছে।





























