Rongali bihu Celebration in chennai:✒️আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় গৰু বিহু ৷ বিহুৰ আনন্দ উছাহৰ মাজতে সুদুৰ তামিলনাডুৰ ৰাজধানী চেন্নাইবাসী অসমীয়া সকলৰ যৌথ অনুষ্ঠান অসম এচ’ছিয়েচন চেন্নাইৰ উদ্যোগত আৰু আইআইটি মাদ্ৰাজৰ সহযোগত আইআইটি মাদ্ৰাজৰ ষ্টুডেণ্ট এক্সিটিভিটিজ চেন্টাৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা ৰঙালী বিহু ।
অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ফিল্ম ষ্টান্ট ডিৰেক্টৰ ৰাজেশ কনন। সাংস্কৃতিক অনুষ্ঠানৰ সুধাকণ্ঠ ড:ভূপেন হাজৰিকা, হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।
আনহাতে অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে অসম এচ’ছিয়েচন, চেন্নাইৰ সভাপতি গৌতম দেউৰী সহ আন আন সদস্যসকলে ৷ ইয়াৰ পাছতে আয়তী তথা কণমানিসকলৰ প্ৰাৰ্থনাৰে সাংস্কৃতিক কাৰ্যসূচীৰ শুভাৰম্ভ হয়।






























