Nagaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সদ্যঘোষিত চি বি এছ ইৰ গুৱাহাটী মণ্ডলৰ দশম শ্ৰেণীৰ ফলাফলত উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ বৰজহাৰ চিত্ৰদীপ খাটনিয়াৰ নামৰ এজন ছাত্ৰই । নগাঁৱৰ সন্দীপনী বিদ্যামন্দিৰৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰজনে ইংৰাজীত ৯০, অসমীয়াত ৯৮, গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯৪, সমাজ বিজ্ঞানত ৯৮ আৰু তথ্য-প্ৰযুক্তিত ৯৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় । ২ নং বৰজহাৰ শিক্ষক মণ্টু খাটনিয়াৰ আৰু দীপালি খাটনিয়াৰৰ পুত্ৰ চিত্ৰদীপৰ এই সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে দক্ষিণপাট অঞ্চলবাসী । উল্লেখ্য যে, চিত্ৰদীপৰ জ্যেষ্ঠ ভগ্নী নিশিতা খাটনিয়াৰেও ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান লাভ কৰিছিল ।






























