Zubeen Khetra:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ শয়ণস্থলী হৈ পৰা জুবিন ক্ষেত্ৰ কিমান সুৰক্ষিত ৷ নিশা হ’লেই একাংশ যুৱক- যুৱতীৰ উদ্ভণ্ডালিক লৈ প্ৰায়ে চৰ্চা লাভ কৰাৰ মাজতে শুকুৰবাৰে নিশা সংঘটিত হয় এক অনাকাংক্ষিত পৰিস্থিতি ৷ এগৰাকী যুৱতীৰ অভব্য আচৰণ আৰু চৰম উদ্ভণ্ডালিক লৈ উপস্থিত ৰাইজৰে তৰ্কাতর্কিৰ সৃষ্টি হয় ৷ অৱশ্যে পিছত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷
উল্লেখ্য যে যুৱতীৰ চৰম অসভ্যালি আৰু উদ্ভণ্ডালিৰে জুবিন ক্ষেত্ৰত থকা ডাষ্টবিনৰ জাৱৰ পেলাই দিয়ে ৷আনকি হাতত ঝাৰু লৈ এখন চকীত বহি উপস্থিত দৰ্শনাৰ্থীক হুংকাৰ প্ৰদান কৰে ৷ আৰক্ষীয়ে সন্দেহ যুৱতী গৰাকী সুৰামত্ত অৱস্থাত আছিল ৷
পবিত্ৰ ঠাইলৈ পৰ্যবেশিত হোৱা জুবিন ক্ষেত্ৰৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ সকলো পক্ষলৈ আহ্বান সচেতন মহলৰ ৷






























