CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ২৪ ঘণ্টা আটক হৈ থকাৰ পাছত দেওবাৰে পুৱা মুকলি কৰি দিয়া হয় ককৰোচ জনতা পাৰ্টি (CJP)ৰ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাঙ্কা আৰু সৌৰভ দাসক। মুক্তি লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে সংবাদমেল অনুষ্ঠিত কৰে তেওঁলোকে। ‘আমি পিছুৱাই নাযাওঁ’ বুলি হুংকাৰ দিয়াৰ লগতে দিল্লী আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে নেতাকেইজনে।
দেওবাৰে দীপকে কয়, ‘‘দিল্লীত প্ৰতিবাদকাৰীসকলৰ ওপৰত ব্যাপক দমন-পীড়ন চলোৱা হৈছে। যোৱা ৭২ ঘণ্টাত যিবোৰ ঘটনা ঘটিছে, সেইবোৰে জৰুৰীকালীন অৱস্থাকো চেৰ পেলাইছে। কিন্তু আমাৰ আন্দোলন অব্যাহত থাকিব।’’
ইফালে, CJPৰ মুখপাত্ৰ আশুতোষে অভিযোগ কৰে যে তেওঁলোক তিনিওজনক দিল্লী আৰক্ষীয়ে আটক কৰা নাছিল, বৰং অপহৰণ কৰিছিল। তেওঁ কয়, ‘‘দিল্লী আৰক্ষীয়ে আমাৰ স’তে অমানৱীয় আচৰণ কৰিছে। শনিবাৰে যেতিয়া দীপকেৰ আইতাকৰ মৃত্যুৰ খবৰ তেওঁক জনোৱা হৈছিল, তেতিয়া আৰক্ষীয়ে অত্যন্ত নিষ্ঠুৰ আচৰণ কৰিছিল।’’































