GlacialFlood : কেৱল পানী নহয়, লগত মিহলি হৈ আছে বৃহৎ পৰিমাণৰ বোকা-মাটি আৰু সৰু-বৰ পাথৰ। প্ৰৱল শক্তিৰে তর্জন গর্জন কৰি জনবসতিৰ ফাললৈ ঢপলিয়াই আহিছে। যেন সাক্ষাৎ যমদূত। তাৰ পৰা কাৰো নিস্তাৰ নাই। নেপালৰ ত্রিশূলী আৰু ভোটেকোশী নদীত আকস্মিক বানৰ ফলত এনে
সংহাৰী স্রোতৰ সৃষ্টি হৈছিল হিমালয়ৰ উপত্যকাত। ভয়াবহ বিপর্যয়ৰ পাছত শবদেহ উদ্ধাৰ অব্যাহত আছে। মাটি খান্দি, বোকাৰ সৰু-বৰ স্তুপ আঁতৰাই উদ্ধাৰ কাৰ্য অব্যাহত আছে। সমান্তৰালভাৱে বিজ্ঞানী মহলে এই বিপৰ্যয়ৰ উৎসৰ সন্ধান কৰিছে। ক’ৰ পৰা এনে বিধ্বংসী আকস্মিক বানৰ সৃষ্টি হ’ল? ইয়াৰ উত্তৰ হৈছে পাহাৰৰ মাজত বিশাল এক হিমবাহ ভাঙি পানী উপচি পৰি উটুৱাই লৈ গ’ল জনবসতি। ইয়াৰ পাছতো প্রশ্ন উঠিছে যে ইমান বোকা ক’ৰ পৰা আহিল?
হিমালয়ৰ চিৰ তুষাৰ আবৃত পৰ্বর্বত শৃংগৰ বৰফত ক’ৰ পৰা আহিল এনে বোকা মিহলি মাটি। শেহতীয়া প্ৰচাৰিত তথ্য অনুসৰি নেপাল-তিব্বত সীমান্তৰ লাংতাং হিমল পর্বতমালাৰ লাংতাং লিৰুং শৃংগৰ উত্তৰত এই ধ্বংসলীলাৰ উৎপত্তি হয়। প্রায় ৫২০০ মিটাৰ উচ্চতাত আছিল হিমবাহ। এই ভাঙি ১২০০ মিটাৰ তললৈ পৰাত তীব্রবেগী খুন্দাত পানীৰ ধল এইদৰে সংহাৰী হৈ পৰে। বৰফৰ টুকুৰা ভাঙি পৰাত তীব্র ভূমিকম্প অনুভূত হয় পাহাৰীয়া অঞ্চলত। ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৫.২।
বিশেষজ্ঞসকলে আৰম্ভণিতে কৰা ধাৰণা অনুসৰি পাহাৰৰ পাদদেশত মহাদেশীয় প্লেটৰ গতিবিধি বাবেই বোধ হয় এনে ভূমিকম্প আহিছে। তাৰ ফলত নদীৰ পানী উপচি উটি আকস্মিক বানৰ উৎপত্তি হোৱা বুলি ভবা হয় যদিও ক্রমশঃ ছবিখন স্পষ্ট হৈ পৰে।
দেখা গ’ল যে নেপালৰ আকস্মিক বানত প্ৰচুৰ পৰিমাণৰ বোকা-মাটিৰ ৰহস্যৰ উৎস সম্পূর্ণ বেলেগ। সংহাৰী নদীয়ে পাহাৰৰ গাৰে আগুৱাই, উপত্যকাৰ মাজৰে বৈ যাওতে সৰু সৰু শিল, বালি, বোকা আৰু পাথৰৰ টুকুৰা কঢ়িয়াই লৈ যায়। কিন্তু যি পৰিমাণৰ বোকা-মাটিৰ স্রোত ভোটেকোশীৰ পানীত দেখা গ’ল সেয়া কেৱল উপত্যকাৰ পৰা সংগ্ৰহ কৰা নহয় বুলি বিজ্ঞানীমহলে কয়।
শেহতীয়াভারে এনে বিজ্ঞানীসকলে উন্মোচন কৰে ভিন্ন ৰহস্য। নিউ য়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ ভূ-পদার্থবিদ গোৰান একষ্ট্ৰমে কয় যে হিমবাহৰ ওচৰতে আছিল প্ৰচুৰ পৰিমাণৰ বোকা-মাটি। সেয়েহে এইবোৰ গলি যোৱাত বৰফৰ টুকুৰা ভাঙি পৰে।
তুষাৰাবৃত হিমালয়ৰ বুকুত কিছুমান ঠাইত বৰফ হৈ থাকে মাটি বা শিলৰে ভৰা স্তৰ। একেৰাহে দুবছৰ বা ততোধিক সময় বৰফৰ স’তে এইবোৰ জমা হৈ থাকিলে ইয়াক এনে স্তৰক ভূ-বিজ্ঞানীৰ ভাষাত কোৱা হয়, ‘পাৰ্মাফ্ৰষ্ট’। মাটিৰ মাজত গোট মাৰি থকা বৰফৰ এই কঠিন স্তৰে নেপালৰ আকস্মিক বানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লোৱা বুলি বিজ্ঞানী মহলে কয়।
কলৰাডো বল্ডাৰ বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানী এল্টন বায়াছে কয়, ‘হিমবাহটো থকা ‘পার্মাফ্রস্ত’ গলি যোৱাত বৰফৰ বিশাল টুকুৰা থৰক- বৰক হৈ পৰে। ‘পাৰ্মাফ্ৰস্ত’ৰ পৰিৱৰ্তনে অধিকাংশ ক্ষেত্ৰতে পর্বত আৰু বৰফৰ কাঠামোক দুৰ্বল কৰে। ইয়াৰ ফলত ব্যাপক ধল নামি আহিব পাৰে। কেৱল ধলেই নহয়, ইয়াৰ ফলত এক ধাৰাবাহিক প্ৰক্ৰিয়াৰ সূচনাও হয় বুলি বিজ্ঞানীজনে কয়। ইয়াৰ ফলতে উপত্যকাৰ নামনি অঞ্চলত ধ্বংসলীলাৰ সৃষ্টি হয়। নেপালতো শেহতীয়া ঘটনাৰ ইয়ে কাৰণ।
উপগ্ৰহৰ দ্বাৰা সংগৃহীত চিত্রত আন কিছু তথ্যও ফাদিল হৈছে। চীনৰ পৰা প্ৰাপ্ত উপগ্ৰহৰ চিত্ৰ বিশ্লেষণ কৰি নেপাল চৰকাৰে জনোৱা মতে হিমবাহ ফাটি যোৱাৰ বাবে তিব্বতৰ গিৰং কাউন্টিৰ পৰা উৎপন্ন লেন্ডে খোলা নদী প্রথমে অৱৰুদ্ধ হয়। ফলত ইয়াতে এক অস্থায়ী হ্ৰদৰ সৃষ্টি হয় আৰু কিছু ক্ষণৰ ভিতৰতে পানীৰ চাপত ইয়াৰ বিস্ফোৰণ ঘটে। এই লেণ্ডে খোলা নদী বিলীন হৈছে ভোটেকোশী আৰু ত্রিশূলীত। ফলত পানীৰ সম্পূৰ্ণ চাপ পৰে এই দুই নদী আৰু ইয়াৰ অৱবাহিকাত।
নেপালৰ সংহত পৰ্বত উন্নয়নৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই এক বিবৃতিত কয় যে ধাদিং জিলাৰ সমীপত ত্রিশূলী নৈৰ জলস্তৰ ৩০ মিনিটত ন মিটাৰ পৰ্যন্ত বৃদ্ধি পাইছিল। বিজ্ঞানী মহলৰ মতে পাৰ্বত্য অঞ্চলৰ উচ্চতাত প্রাকৃতিক হ্রদ আকস্মিকভাবে বিস্ফোৰণ হোৱাৰ ফলত বানপানী হোৱাটো নতুন কথা নহয়। বিজ্ঞানী মহলৰ দাবী যে জলবায়ু পৰিৱৰ্তনৰ বাবে এই ধৰণৰ হ্ৰদ আৰু হিমবাহৰ তলত থকা ‘পাৰ্মাফ্ৰস্ত’ৰ পৰিমাণ পূর্বতকৈ বৃদ্ধি পাইছে।
হিমালয়ৰ সমান্তৰালভারে দক্ষিণ আমেৰিকাৰ আনদেছ অথবা ইউৰোপৰ আল্লছ পৰ্বতমালাত আগন্তুক সময়ত এই বিপর্যয়ে দেখা দিব পাৰে। এই মুহূর্তত সমগ্র বিশ্বত কমেও ডেৰ কোটি মানুহ হিমবাহ হ্ৰদৰ ফলত সৃষ্ট বানৰ আশংকাৰ তৰোৱালৰ ধাৰত ওলমি আছে। অৱশ্যে তিব্বতৰ শৃংগত বৰফ গলাৰ পূৰ্বৰ অৱস্থাৰ উপগ্রহ চিত্ৰত এনে অস্থিৰ হ্ৰদৰ অৱস্থান ধৰা পৰা নাই। অঞ্চলত বৰষুণৰো বিশেষ পূর্বাভাস নাছিল। বায়াৰ্ছৰ মতে এনে ঘটনাৰ পূর্বানুমান সম্ভৱ নহয়।
এই অঞ্চলত গোলকীয় উষ্ণতাৰ কিমান প্রভাব আছিল সেয়া এতিয়া স্পষ্ট নহয়। বিজ্ঞানী মহলে কয় যে এনে বিপৰ্যয় ৰোধ কৰিব বিচাৰিলে হিমবাহৰ তলত অৱস্থিত এই ধৰণৰ বিপদাপন্ন অঞ্চলসমূহ চিনাক্ত কৰি তাত ব্যৱসায়িক বিনিয়োগ বন্ধ কৰিব লাগিব। একাংশ বিজ্ঞানীয়ে কয় যে ভোটেকোশীৰ পাৰত যি ধৰণৰ বিপৰ্যয় হ’ল তাত সম্প্রতি জনবসতি গঢ় লোৱাৰ কোনো সম্ভাৱনা নাই।সমান্তৰালভাৱে দুর্গম পাহাৰৰ হিমবাহৰ গতি- প্ৰকৃতিৰ বিষয়েও দৃষ্টি ৰখাৰ প্ৰয়োজন আছে বুলি বিজ্ঞানীসকলৰ একাংশই ধাৰণা কৰে।































