CockroachJantaParty : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দিল্লীত ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। দেশৰ যুৱ প্ৰজন্মৰ এই প্ৰতিবাদ দমন কৰিবলৈ দিল্লীত গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাক নজিৰবিহীন বুলি অভিহিত কৰা হৈছে।
এদিন পূৰ্বৰে পৰা দিল্লী অভিমুখী সকলো ৰে’ল বন্ধ, মেট্ৰ’ সেৱা বন্ধ আৰু ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ঠায়ে ঠায়ে বেৰিকেড স্থাপনৰ লগতে বৃহৎ সংখ্যক অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। আনহাতে, বিভিন্ন ৰাজ্যত প্ৰতিবাদকাৰীসকলক বাধা দিয়া হৈছে বুলিও অভিযোগ উঠিছে।
ইমানবোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতো ককৰোচৰ সমাৱেশ ৰোধ কৰিব পৰা যাব নে নাই, তাক লৈ সংশয় আছিল। সেয়েহে শনিবাৰে পুৱাৰে পৰা যুদ্ধকালীন তৎপৰতাৰে আটক অভিযান আৰম্ভ কৰে দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে। পুৱাই আটক কৰা হয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠীক।
ককৰোচ জনতা পাৰ্টিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, আশুতোষ ৰাঙ্কা আৰু সৌৰভ দাসক দিল্লীত প্ৰৱেশৰ সুযোগো দিয়া নহ’ল। বিমান অৱতৰণ কৰাৰ লগে লগে তেওঁলোকক আটক কৰি অজ্ঞাত স্থানলৈ লৈ যায় দিল্লী আৰক্ষীয়ে।
কেৱল ককৰোচৰ নেতৃত্বকেই নহয়, বাওঁপন্থী নেতা-কৰ্মী আৰু বিভিন্ন বাওঁপন্থী সংগঠনৰ কৰ্মীসকলকো আটক কৰা হয়। এম এ বেবী, মীনাক্ষী মুখাৰ্জী আৰু বৃন্দা কাৰাতৰ দৰে বাওঁপন্থী নেতাসকলকো আটক কৰা হয়। কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নকো আটক কৰা হৈছে। যন্তৰ-মন্তৰৰ দিশে সমদল কৰি যোৱাৰ সময়ত SFIৰ কেবাশ সদস্যক আটক কৰা হয়। আন ছাত্ৰ সংগঠনৰ সদস্যসকলকো আটক কৰা হৈছে।
নেতাসকল আটক হোৱাৰ পিছতে ককৰোচ জনতা পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। আটক হোৱাৰ পিছতে দিল্লী বিমানবন্দৰত সৰৱ হয় অভিজিৎ দীপকে। তেওঁ কয়, “জৰুৰীকালীন অৱস্থাৰ সময়তো প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এনে কৰা নাছিল। আমি কেৱল শান্তিপূৰ্ণ প্ৰতিবাদ কৰিব বিচাৰিছিলোঁ। অথচ অপৰাধীৰ দৰে আমাক বিমানৰ পৰা নমাই লৈ যোৱা হৈছে।” আন বিৰোধী নেতাসকলেও একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
ককৰোচৰ প্ৰতিবাদত ইণ্ডি মিত্ৰজোঁটৰ সদস্যসকলে পোনপটীয়াকৈ অংশগ্ৰহণ কৰা নাই। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি আৰু আৰজেডিৰ দৰে দলসমূহে ককৰোচৰ প্ৰতিবাদক নৈতিক সমৰ্থন জনালেও পৃথকে প্ৰতিবাদত অংশ লোৱা নাই। ইয়াৰ পৰিৱৰ্তে তৃণমূল কংগ্ৰেছে নিজাকৈ কাৰ্যসূচী ৰূপায়ণ কৰে। শনিবাৰে সাউথ এভিনিউত অভিষেক বন্দ্যোপাধ্যায়ৰ বাসগৃহৰ সন্মুখত ভোট চুৰিৰ প্ৰতিবাদত মমতা বন্দ্যোপাধ্যায়সহ তৃণমূলৰ সাংসদসকলে ধৰ্ণা দিয়ে। তেওঁলোককো দিল্লী আৰক্ষীয়ে আটক কৰে।
সাধাৰণতে ককৰোচৰ এই প্ৰতিবাদৰ পৰা বহু মূলসুঁতিৰ ৰাজনৈতিক দলে দূৰত্ব বজাই ৰাখিলেও বাওঁপন্থী দলসমূহে আন্দোলনটোত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। AISA, SFI, AIDSO, DYFI, চিপিএম আৰু চিপিআইয়ে প্ৰতিবাদত অংশ লৈছে। আম আদমি পাৰ্টিয়েও সক্ৰিয়ভাৱে এই প্ৰতিবাদত যোগ দিছে।
দেশৰ অধিকাংশ বৃহৎ ৰাজনৈতিক দলে অংশগ্ৰহণ নকৰাৰ পিছতো ককৰোচে ইমান ধন আৰু জনসমৰ্থন ক’ৰ পৰা লাভ কৰিছে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
বিজেপিৰ দাবী, ‘CJP’ৰ আঁৰত আছে বিদেশী শক্তি। বিজেপিৰ সৰ্বভাৰতীয় সভাপতি নীতিন নবীনে কয়, “আজি দেশত অত্যন্ত বিপজ্জনক আৰু গুৰুতৰ পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলিছে। ১৪০ কোটি মানুহে শান্তি আৰু সম্প্ৰীতিৰে বসবাস কৰা এখন দেশত অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছে।”
তেওঁ লগতে কয়, “ইয়াৰ আঁৰত আছে দুটা অৰাজকতাবাদী গোট। এটা হৈছে কংগ্ৰেছৰ নেতৃত্বাধীন ইণ্ডি মিত্ৰজোঁট। আনটো হৈছে আপৰ সহযোগী ককৰোচ।”
ককৰোচৰ স’তে বিদেশী শক্তিৰ সম্পৰ্ক থকাৰ কোনো প্ৰত্যক্ষ প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। অৱশ্যে, ছ’চিয়েল মিডিয়াত অভিজিৎ দীপকেসকলৰ প্ৰতিবাদক লৈ বিভিন্ন তত্ত্ব চৰ্চা হৈছে। একাংশই ইয়াৰ আঁৰত ‘ডিপ ষ্টেট’ৰ চৰকাৰ সলনি কৰাৰ ষড়যন্ত্ৰ থকা বুলি সন্দেহ প্ৰকাশ কৰিছে।
তাৎপৰ্যপূৰ্ণভাৱে, ককৰোচক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমগ্ৰ ঘটনাৰ ওপৰত বিদেশী সংবাদ মাধ্যমসমূহেও তীক্ষ্ণ নজৰ ৰাখিছে। BBC, CNN, The New York Times, Al Jazeera আৰু The Guardianৰ দৰে সংবাদ মাধ্যমে দীপকেসকলৰ গ্ৰেপ্তাৰৰ বিষয়টোক লৈ চৰকাৰক সমালোচনা কৰিছে।































