দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। কামজং জিলাত এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে অঞ্চলটোত নতুনকৈ হিংসা বিয়পি পৰাৰ অভিযোগ উঠিছে।
পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। অঞ্চলটোত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে।
মণিপুৰৰ কামজং জিলাত নগা জনগোষ্ঠীৰ লোকৰ বসতি অধিক। তথ্য অনুসৰি,জিলাখনৰ কুকি অধ্যুষিত চাছাদ গাঁৱত শুকুৰবাৰে নিশা প্ৰায় ৯ বাজি ৪০ মিনিটত ডমখোনেই টৌথাং নামৰ এগৰাকী মহিলাক গুলীয়াই । স্থানীয় সূত্ৰৰ মতে, মহিলাগৰাকীৰ ডিঙিত গুলী লাগে। পাঁচ সন্তানৰ মাতৃ ডমখোনেইৰ ঘটনাস্থলীতে মৃত্যু হয়।
প্ৰশাসনৰ সূত্ৰ অনুসৰি, এই ঘটনাৰ পিছতে গাঁওখনত গুলীয়াগুলিৰ ঘটনা আৰম্ভ হয়। কেবাটাও ঘৰত অগ্নিসংযোগ কৰা বুলিও অভিযোগ উত্থাপন হৈছে। এই হত্যাকাণ্ডক লৈ কুকি সম্প্ৰদায়ৰ লোকসকলে ক্ষোভ প্ৰকাশ কৰিছে।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চাছাদ আৰক্ষী গেটৰ চাৰিওফালে ৪০০ মিটাৰ ব্যাসাৰ্ধৰ অঞ্চলত ভাৰতীয় ন্যায় সংহিতাৰ ১৬২ ধাৰা জাৰি কৰা হৈছে। এই ধাৰা অনুসৰি, উক্ত অঞ্চলত পাঁচজন বা তাতকৈ অধিক লোক একত্ৰিত হ’ব নোৱাৰিব।
পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব। জিলাখনত আৰক্ষী বাহিনী মোতায়েন কৰিবলৈ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে জিলা আয়ুক্তই।
উল্লেখ্য যে, ১৩ ছেপ্টেম্বৰত সংঘটিত দুটা পৃথক আক্ৰমণত কুকি-জো সম্প্ৰদায়ৰ চাৰিজন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতো আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে।
১৯৯২ চনৰ পৰাই মণিপুৰত কুকি আৰু নগা জনজাতিৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল। বিভিন্ন তথ্য অনুসৰি, সেই সংঘাতত এহেজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছিল। পৰৱৰ্তী সময়ত ২০২৩ চনৰ মে’ মাহত মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। সেই সংঘাতত ২৬০তকৈও অধিক লোকে প্ৰাণ হেৰুৱায়।
সংঘাত আৰম্ভ হোৱাৰ প্ৰায় ২১ মাহৰ পিছত, ২০২৫ চনৰ ৯ ফেব্ৰুৱাৰীত মণিপুৰৰ তদানীন্তন মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰে। ইয়াৰ চাৰি দিন পিছত, ১৩ ফেব্ৰুৱাৰীত ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়। প্ৰায় এবছৰৰ পিছত, ২০২৬ চনৰ ৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰ কৰি বিজেপিৰ য়ুমনাম খেমচান্দ সিঙৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰা হয়।































