CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত হোৱা আন্দোলনত অংশগ্ৰহণৰ ইচ্ছা প্ৰকাশ কৰাৰ পিছৰে পৰা অধিক চৰ্চালৈ আহিছে ইউটিউবাৰ ধ্ৰুৱ ৰাঠী। অৱশ্যে, শেষ মুহূৰ্তত ৰাজপথলৈ ওলাই আহি আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিলে তেওঁ। শনিবাৰে পুৱা গুৰুগ্ৰামৰ নিজৰ বাসগৃহৰ পৰাই আটক কৰা হয় ধ্ৰুৱ ৰাঠীক।
ধ্ৰুৱ ৰাঠীৰ জাৰ্মান নাগৰিকত্ব আছে। ভাৰতত দ্বৈত নাগৰিকত্ব বৈধ নহয়। এনে পৰিস্থিতিত ভাৰতৰ ৰাজনৈতিক কাৰ্যসূচীত ধ্ৰুৱ ৰাঠীৰ অংশগ্ৰহণ কিমানদূৰ আইনসন্মত, তাক লৈ স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হৈছে।
অৱশ্যে, ধ্ৰুৱ ৰাঠীৰ জন্ম আৰু ডাঙৰ-দীঘল হাৰিয়ানাত। ১৯৯৪ চনত এটা জাট পৰিয়ালত তেওঁৰ জন্ম হৈছিল। হাৰিয়ানাতে তেওঁ শিক্ষা গ্ৰহণ কৰে। উচ্চশিক্ষাৰ বাবে জাৰ্মানীলৈ যায়। তাত মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে। পঢ়া-শুনাৰ সময়তে এগৰাকী জাৰ্মান যুৱতীৰ স’তে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে তেওঁৰ। ২০২১ চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। ২০২৪ চনত তেওঁলোকৰ এটি পুত্ৰ সন্তানৰ জন্ম হয়।
মেধাৱী ছাত্ৰ হিচাপে পৰিচিত ধ্ৰুৱ ৰাঠীয়ে ইউটিউবত ৰাজনৈতিক মতাদৰ্শ সম্পৰ্কীয় ভিডিঅ’ আপলোড কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা জনপ্ৰিয়তা লাভ কৰে। ২০১৩ চনত ইউটিউবাৰ হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল। সেই সময়ত অৱশ্যে তেওঁ ভ্ৰমণ সম্পৰ্কীয় ভিডিঅ’ আপলোড কৰিছিল। সেই বছৰৰে শেষৰফালে তেওঁ নিজৰ সিদ্ধান্ত সলনি কৰি ৰাজনৈতিক বিষয়সমূহক লৈ ভিডিঅ’ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত বিভিন্ন সংবাদ মাধ্যমে তেওঁৰ মতামতক লৈ প্ৰতিবেদন প্ৰকাশ কৰিবলৈ ধৰে।
২০২০ চনৰ জুলাই মাহত বিদেশ ভ্ৰমণৰ বিভিন্ন দিশ সামৰি আন এটা ইউটিউব চেনেল মুকলি কৰে তেওঁ। ইয়াৰ উপৰি বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ক্ৰমাৎ বৃদ্ধি পায় ইউটিউবাৰগৰাকীৰ জনপ্ৰিয়তা। ২০২২ চনৰ ফেব্ৰুৱাৰীৰ পৰা ইউটিউব শ্বৰ্টছৰ জৰিয়তেও নিজৰ মতামত প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে তেওঁ। ২০২৪ চনত বাংলা, তামিল, তেলুগু, মাৰাঠী আৰু কানাড়া—এই পাঁচটা আঞ্চলিক ভাষাতো ইউটিউব চেনেল মুকলি কৰে।
জনপ্ৰিয়তা বৃদ্ধিৰ সমান্তৰালকৈ একাধিক বিতৰ্কতো সাঙোৰ খাই পৰিছে ধ্ৰুৱ ৰাঠীৰ নাম। ২০২২ চনৰ ছেপ্টেম্বৰ মাহত পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতাক লৈ এটা ভিডিঅ’ নিৰ্মাণ কৰিছিল তেওঁ। সেই ভিডিঅ’ত প্ৰদৰ্শিত ভাৰতৰ মানচিত্ৰত কাশ্মীৰৰ অৱস্থান ভুলকৈ দেখুওৱাৰ অভিযোগক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল।
ইয়াৰ পিছৰ বছৰ, ২০২৩ চনৰ মাৰ্চ মাহতো আন এক বিতৰ্কত সাঙোৰ খাই পৰে ধ্ৰুৱ ৰাঠী। ফলৰ ৰস আৰু পেকেটত উপলব্ধ জুছৰ তুলনা কৰি নিৰ্মাণ কৰা এটা ভিডিঅ’ত এটা নামী প্ৰতিষ্ঠানৰ সামগ্ৰী দেখুওৱাক লৈ বিতৰ্কৰ সৃষ্টি হয়। বিষয়টো কলকাতা উচ্চ ন্যায়ালয়লৈ যায়। ইয়াৰ পিছতে ফেচবুক, এক্স আৰু ইউটিউবত ভিডিঅ’টো ব্লক কৰাৰ নিৰ্দেশ দিয়া হয়।
পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়তো বিতৰ্কত সোমাই পৰিছিল ইউটিউবাৰগৰাকী। সেই বছৰতে শিখ সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত হানাৰ অভিযোগো উত্থাপন হৈছিল ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে। এইবাৰ ককৰোচ জনতা পাৰ্টিৰ আন্দোলনৰ সৈতে নাম সাঙোৰ খোৱাত নতুনকৈ চাপৰ সন্মুখীন হৈছে ইউটিউবাৰগৰাকী। এতিয়া তেওঁৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি হয়, সেয়াই লক্ষণীয় হ’ব।































