CJP : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা আহ্বায়ক অভিজিৎ দীপকেৰ আইতাক সাবিত্ৰীবাই শংকৰ দীপকেৰ মৃত্যু। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মহাৰাষ্ট্ৰৰ হিংগোলী জিলাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স প্ৰায় ৮০ বছৰ হৈছিল।
অভিজিৎ দীপকেৰ পূৰ্বপুৰুষৰ গাঁও চন্তুক পিম্প্ৰিত শেষ নিশ্বাস ত্যাগ কৰে সাবিত্ৰীবাইয়ে। এই গাঁৱতে তেওঁৰ ককা-আইতাকে বাস কৰিছিল। তেওঁৰ মৃত্যুত দীপকে পৰিয়ালৰ লগতে গাঁওখনতো শোকৰ ছাঁ পৰিছে।
উল্লেখ্য যে, দিল্লীত বিমান অৱতৰণ কৰাৰ লগে লগে বিমানৰ ভিতৰতে দিল্লী আৰক্ষীয়ে আটক কৰিছিল অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে যন্তৰ-মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ মুম্বাইৰ পৰা দিল্লীলৈ আহিছিল CJPৰ নেতাকেইগৰাকী।
সাবিত্ৰীবাইৰ মৃত্যুৰ পিছতে ছত্ৰপতি সম্ভাজীনগৰৰ শংকৰ সদনস্থিত বাসগৃহত থকা অভিজিৎ দীপকেৰ পিতৃ-মাতৃয়ে সন্তুক পিম্প্ৰিলৈ যোৱাৰ প্ৰস্তুতি চলাইছে।
অভিজিৎ দীপকেৰ খুড়াকে সংবাদ মাধ্যমক জনোৱা মতে, দেওবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত সাবিত্ৰীবাইৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অভিজিৎ দীপকেও নিজ গাঁৱত আইতাকৰ শেষকৃত্যত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।































