CJPProtest : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : CJPৰ আন্দোলনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে দিল্লী। পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত কাৰ্যতঃ দুৰ্গত পৰিণত হৈছে ৰাজধানী। ইয়াৰ মাজতে এইবাৰ দিল্লীত আটক কৰা হৈছে মমতা বন্দ্যোপাধ্যায়ক। ভোট চুৰিৰ অভিযোগত দিল্লীৰ চাউথ এভিনিউত ধৰ্ণাত বহিছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। তাৰ পৰাই তেওঁক দিল্লী আৰক্ষীয়ে আটক কৰে। চাকেত গোখলে, ডেৰেক অ’ব্ৰায়েনসহ তৃণমূলৰ কেবাগৰাকীও শীৰ্ষ নেতাকো আটক কৰা হৈছে।
তথ্য অনুসৰি, অবৈধ সমাৱেশৰ অভিযোগত মমতা বেনাৰ্জীক আটক কৰা হৈছে। অৱশ্যে তেওঁক প্ৰিজন ভেনত উঠাই ক’লৈ লৈ যোৱা হৈছে, সেয়া স্পষ্ট হোৱা নাই। আনহাতে, গাড়ীত উঠি যোৱাৰ সময়তে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা ফেচবুক লাইভ কৰে মমতা বেনাৰ্জীয়ে। লাইভযোগে তেওঁ পুনৰ এবাৰ চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ হয়। কেৱল সেয়াই নহয়, তেওঁক আনসকলৰ স’তে গান গোৱা দেখা যায়।
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যন্তৰ-মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছে CJP য়ে । যদিও দিল্লী আৰক্ষীয়ে প্ৰতিবাদৰ অনুমতি দিয়া নাই, তথাপি যন্তৰ-মন্তৰত কাৰ্যসূচী ৰূপায়ণ কৰিছে ‘ককৰোচ’সকলে।
মধ্য দিল্লীৰ বহু অঞ্চলত ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ৰ ১৬৩ ধাৰা বলৱৎ হৈ আছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সতৰ্ক কৰি দিছে।
ইয়াৰ মাজতে শনিবাৰে পুৱাৰে পৰা আৰক্ষীয়ে আটক অভিযান আৰম্ভ কৰিছে। ভোট চুৰিৰ অভিযোগত দিল্লীৰ চাউথ এভিনিউত নিজৰ বাসগৃহৰ সন্মুখতে ধৰ্ণাত বহিছিল মমতা বেনাৰ্জী। তেওঁৰ স’তে আছিল দোলা সেন, প্ৰতিমা মণ্ডল, ডেৰেক অ’ব্ৰায়েন, শামিৰুল ইছলাম আৰু সাকেত গোখলে। কিন্তু কিছু সময়ৰ ভিতৰতে তাত উপস্থিত হয় দিল্লী আৰক্ষীৰ বিষয়াসকল।































