CrimeNews : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আর্থিক অনাটনত ভুগি পৰিয়ালক পোহপাল দিব নোৱাৰাৰ বাবে ধেমাজিৰ তেলাম বজাৰ অঞ্চলত বুধবাৰে পুৱতি নিশা পত্নীৰ লগতে তিনি সন্তানক কুঠাৰেৰে ঘপিয়াই হত্যা কৰিলে শিক্ষক ফিৰোজ আলীয়ে।এই লোমহর্ষক ঘটনাই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত শিক্ষক ফিৰোজ আলী (৫৫)ক গ্রেপ্তাৰ কৰিছে। স্থানীয় গ্রামচুক বিদ্যালয়ৰ সহকাৰী শিক্ষক আলীয়ে নিশা গভীৰ নিদ্রাত থকা অৱস্থাতে পত্নী ছিনুৱাৰা বেগম (৩৩), কন্যা নেইনা আখতাৰ (১৩), বিজিকা (৫) আৰু পুত্ৰ চাকিল আলী (৮)ক অতি নৃশংসভাবে কুঠাৰেৰে ঘপিয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা মতে, শিক্ষকজনে পত্নীসহ চাৰিওকে হত্যাৰ কথা স্বীকাৰ কৰিছে।
তদন্তকাৰী আৰক্ষী বিষয়াই কয়, ‘আমি ফিৰোজ আলীক পত্নীসহ তিনি সন্তানক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছো। আমি তদন্ত চলাই আছো আৰু সম্ভাব্য সকলোবোৰ দিশ লক্ষ্য কৰি আছো।’
লক্ষ্যণীয়ভাবে হত্যাকাণ্ড সংঘটিত কৰিও ঘটনাস্থলীতে থকা অভিযুক্ত পিতৃ তথা স্বামী ফিৰোজ আলীৰ মুখত কোনো অনুতাপৰ চিন নাছিল। যেন তেওঁ সম্পূর্ণ নিৰুদ্বেগ।
তীব্র আর্থিক সংকটত ভুগিয়েই শিক্ষকজনে চাৰিওকে হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে। তেওঁ কয়, ‘আর্থিক অনাটনৰ বাবে মই সিহঁতক ভালদৰে পোহপাল দিব পৰা নাছিলো। ১০ হেজাৰ টকাতে চাকৰি কৰিবলগীয়া হৈছে। সিহঁতৰ অভাৱ পূৰণ কৰিব নোৱাৰো…। কিমান বুজাম মই সিহঁতক।’
কোনো কাজিয়া নাছিল: ফিৰোজ আলী
পৰিয়ালটোক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়া শিক্ষক আলীয়ে কয় যে তেওঁ পত্নীৰ স’তে কোনো কাজিয়া-পেচাল নাছিল। পত্নী শান্ত প্রকৃতিৰ বুলিও কয়। তেওঁ মৰিলে কিদৰে পৰিয়ালটো চলিব সেই কথা ভাবিয়ে নিঃশেষ কৰিলে বুলিও ক’বলৈ চেষ্টা কৰে অভিযুক্ত শিক্ষক আলীয়ে। তেওঁ কয়, ‘নাই নাই, একো কাজিয়া নাই। মোৰ পত্নী ঠাণ্ডা আৰু ধৈর্যশালী। সেয়েহে মই বেছি মর্মাহত হ’লো। ইহঁতে মই মৰিলে কিদৰে চলিব।’
ফাঁচি লাগে মোক
তদুপৰি তেওঁক ফাঁচি দিব লাগে বুলিও কয়। এনে লোমহর্ষক ঘটনা সংঘটিত কৰাৰ পাছতো দেখাত নিৰুদ্বেগচিত্তে থকা ফিৰোজ আলীক পৰিয়ালটোক মাৰি অকলে কিদৰে থাকিব, ১০ হেজাৰ টকালৈ চলিব বুলি ভাবিছে নেকি, এইদৰে সোধাত তেওঁ কয়, ‘মোক ফাঁচিত সোমাই দিলে হ’ল। ফাঁচি লাগে মোক।’
প্রথমে ডাঙৰজনীক মাৰিলো…
উল্লেখ্য যে ১৩ বছৰীয়া কন্যা নেইনাক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁৰো চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়। সামান্য অনুতপ্ত নোহোৱাকৈ শিক্ষকজনে কয় যে তেওঁ প্ৰথমতে ডাঙৰ ছোৱালীজনীক ঘপিয়াই হত্যা কৰে, তাৰ পাছত পত্নীক আৰু শেষত ল’ৰাটো তথা সৰু ছোৱালীজনীক হত্যা কৰে। তেওঁ কয়, ‘প্রথমতে ডাঙৰ ছোৱালীক মাৰিলো, তাৰ পাছত মানুহজনীক মাৰিলো, তাৰ পাছত ল’ৰাটো আৰু ছোৱালীজনীক মাৰিলো।’ এই ভয়াৱহ ঘটনাত স্থানীয় লোকে কয় যে শিক্ষক আলীক কঠোৰ শাস্তি দিব লাগে। একাংশ ক্ষুব্ধ ৰাইজে ‘এনকাউণ্টাৰ’ কৰিব লাগে বুলিও কয়। বিভিন্ন দল-সংগঠনে অভিযুক্তক ফাঁচি দিবলৈ দাবী জনাইছে।
স্থানীয় ৰাইজৰ ভাষ্য
ইপিনে, ওচৰ চুবুৰীয়া এজন লোকে কয়, ‘কালিও তাক লগ পাইছো। সদায়ে লগ পাওঁ। পৰিয়ালটোৰ কোনো হাই-কাজিয়া নাই। তাৰ নামটো ফিৰোজ আলী। গ্রামচুক তেলামৰ গ্ৰামচুক প্রাথমিক বিদ্যালয়ৰ শিক্ষক। তেওঁৰ এখন হোমিওপেথিত দৰৱৰ ফাৰ্মাচিও আছে। ধুনীয়াকৈ চলি আছিল।’ ঘটনাৰ সন্দৰ্ভত আন এজন স্থানীয় লোকে কয় যে তেওঁ পুৱা প্রায় ৫-৩০ বজাত আলীৰ ঘৰৰ সন্মুখৰে গৈছিল যদিও ঘটনাৰ কোনো উমান পোৱা নাছিল। দুদিন পূর্বে লগ পাওঁতেও কোনো ধৰণৰ অস্বাভাৱিক আচৰণ ফিৰোজ আলীয়ে কৰা দেখা নাছিল বুলিও কয়। কি কাৰণত কি হ’ল বুজিব পৰা নাই বুলিও কয় চুবুৰীয়া লোকজনে। আন এগৰাকী চুবুৰীয়াই জনোৱা মতে, তেওঁলোকে পুৱা গম পায় যে ফিৰোজ আলী নামৰ শিক্ষকজনে গোটেই পৰিয়ালটোকে ঘপিয়াই কাটিলে। শুই থকা অৱস্থাতে এই ঘটনা হোৱা বুলিও তেওঁ শুনিছে। ইপিনে, ঘটনাস্থলীত উপস্থিত এগৰাকী মহিলাই কয়, ‘মই তেওঁৰ ঘৰত কিবাৰে কোবোৱাৰ দৰে শব্দ শুনিলো। শব্দ শুনিয়ে মই আহিলো। আহি এজন মানুহক ক’লো যে সিহঁতৰ ঘৰলৈ গৈ চাওকচোন কি হৈছে। এজন মানুহৰো মাতবোল নাই, ইমান শব্দ হৈ আছে। তেতিয়া মানুহজন যোৱাত ভিতৰৰ পৰা দৰ্জাখন নুখুলিবি বুলি কয়।’ মহিলাগৰাকীয়ে জনোৱা মতে, ফিৰোজ আলীয়ে ভিতৰৰ পৰা দৰ্জা নুখুলিবলৈ কোৱাত ভিতৰত কিবা কৰি আছে বুলি ভাবি ভায়েকক মাতি আনে।
তেওঁ কয়, ‘মই আহি নৌপাওঁতে ফিৰোজ আলীৰ ভায়েকে দৰ্জা খুলিলে। ইয়াৰ পাছত কি হৈছে ভায়েকে জানিব। প্রায় চাৰিৰ পৰা পুৱা ৪-৩০ বজাৰ ভিতৰত শব্দ হৈছিল। স্বামী-স্ত্ৰীৰ মাজত অলপ হাই-কাজিয়া হয়। কিন্তু ইমান ডাঙৰ ঘটনা আগতে হোৱা নাছিল। কালি কাজিয়া-পেচালো হোৱা নাছিল। সকলো স্বাভাবিক আছিল।’ ইপিনে আন একাংশ স্থানীয় লোকে কয় যে স্বামীৰ নৃশংস হত্যাৰ বলি হোৱা ছিনুৱাৰা ফিৰোজ আলীৰ দ্বিতীয় পত্নী। প্রথমগৰাকী পত্নীৰ স’তে বিবাহ বিচ্ছেদ ঘটিছে।

































