Brown Sugar Seized:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ড্ৰাগছ সৰবৰাহকাৰী চক্ৰই নিষিদ্ধ ড্ৰাগছৰ কৰিডৰত পৰিণত কৰিছে মণিপুৰ৷ ড্ৰাগছৰ বিৰুদ্ধে মণিপুৰ আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰি অহাৰ মাজতে কালি নিশা মণিপুৰৰ জিৰিবামত জব্দ কৰা হয় বুজন পৰিমাণৰ ড্ৰাগছ ৷
বিশেষ খবৰৰ ভিত্তিত মণিপুৰ আৰক্ষী,চিআৰপিএফ আৰু অসম ৰাইফলছৰ যৌথ দল এটাই জিৰিবামৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমলজিতৰ নেতৃত্বত জিৰিবামৰ ৰাষ্ট্ৰীয় ঘাইপথত অসম অভিমুখী এখন ট্ৰাকত অৰ্তকিতে অভিযান চলাই জব্দ কৰে প্ৰায় ১০ কিলো ৮০০ গ্রাম ব্রাউন ছুগাৰ।
ট্ৰাকৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল ড্ৰাগছখিনি। এই সন্দৰ্ভত ট্ৰাকখনৰ চালক কাছাৰৰ লালপানীৰ আজাহাৰ হুছেইনক আটক কৰা হয়৷আৰক্ষীয়ে সদৰি কৰা মতে জব্দকৃত ব্রাউন ছুগাৰখিনিৰ মূল্য হ’ব প্ৰায় ৮০ কোটি৷































