HelpingHands : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : তামিলনাডুৰ এজন ভিক্ষাবৃত্তিত জড়িত লোকে নিজৰ কষ্টোপার্জিত ধন নেপালৰ বানপীড়িতৰ সাহায্যর্থে আগবঢ়ালে।
প্রকাশিত বাতৰি অনুসৰি, তামিলনাডুৰ ডিণ্ডিগুলৰ বাসিন্দা কুল পাণ্ডিয়ান নামৰ এজন ভিক্ষাৰীয়ে নেপালৰ বানপীড়িতক সাহায্য আগবঢ়োৱাৰ বাবে ১০ হেজাৰ টকা দান হিচাপে আগবঢ়ালে।
পাণ্ডিয়ানে এই ধনৰাশি ডিণ্ডিগুলৰ জিলা কালেক্টৰৰ কাৰ্যালয়ৰ জৰিয়তে তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ সাধাৰণ সাহায্য পুঁজিত জমা দিলে। পাণ্ডিয়ানে তেওঁ আগবঢ়োৱা ধনখিনি নেপালৰ বানপীড়িতক সাহায্য হিচাপে প্রদান কৰিবলৈ অনুৰোধ জনাইছে।
বিগত কে’বা দশক ধৰি পাণ্ডিয়ানে ভিক্ষাবৃত্তিত জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। এইদৰে উপার্জিত ধন সঞ্চয় কৰি পাণ্ডিয়ানে নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকাৰ সাহায্য আগবঢ়ালে। পাণ্ডিয়ানৰ এই মহান কার্যক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে যথেষ্ট প্রশংসা কৰিছে।






























