TrishuliHydropower : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা নদিন পাছত দুজন শ্ৰমিকক জীৱিত উদ্ধাৰ কৰা হৈছে। সুৰংগটোৰ ভিতৰত এতিয়াও বহু শ্ৰমিক আবদ্ধ হৈ আছে। উদ্ধাৰকাৰীসকলে ভিতৰৰ পৰা কেবাজনো লোকৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা বুলি জানিবলৈ দিছে। ফলত আৰু বহু শ্ৰমিকক জীৱিত উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
নেপালৰ বিভিন্ন প্ৰান্তত মুঠ ছটা জলবিদ্যুৎ প্ৰকল্পৰ কাম চলি আছিল। যোৱা ২৬ আগষ্টত ভোটেকোশী আৰু ত্ৰিশূলী নদীত হঠাতে বান অহাৰ পাছত বহু শ্ৰমিক প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰে। অন্তত ৯০০ৰো অধিক শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে।
ৰাছুৱা জিলাৰ ত্ৰিশূলী-৩ জলবিদ্যুৎ কেন্দ্ৰৰ ৪০জন শ্ৰমিকৰ সেই দিনাৰ পৰাই কোনো সন্ধান পোৱা হোৱা নাছিল। উদ্ধাৰকাৰীসকলে শ্ৰমিকসকলক উদ্ধাৰৰ বাবে নিৰন্তৰ চেষ্টা চলাই আহিছিল। শুকুৰবাৰে পুৱা সুৰংগটোৰ পৰা দুজন শ্ৰমিকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।
নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ নেতা ৰাম নেউপানেই ফেচবুকত সফল উদ্ধাৰ অভিযানৰ কথা প্ৰকাশ কৰে। উদ্ধাৰ হোৱা শ্ৰমিক দুজন হৈছে সঞ্জয় শ্বাহ আৰু কবীৰ মহাৰাজন। সঞ্জয় জলবিদ্যুৎ প্ৰকল্পটোৰ মেকানিকেল ফ’ৰমেন আৰু কবীৰ মেকানিকেল ছুপাৰভাইজৰ। দুয়োজনকে অক্সিজেনৰ সহায় দিয়া হৈছে।
কবীৰৰ পত্নীয়ে নেপালী সেনাবাহিনীক ধন্যবাদ জনাইছে। তেওঁ স্বামীৰ এই উদ্ধাৰক দ্বিতীয় জন্ম বুলি অভিহিত কৰে। তেওঁৰ ভাষাত, “তেওঁ নতুন জীৱন পাইছে। আমি অত্যন্ত সুখী। আমি সকলোৱে অপেক্ষা কৰি আছিলোঁ। এতিয়া হাস্পতাললৈ গৈ তেওঁলোকক চাম।”
ইফালে ত্ৰিশূলী-৩ জলবিদ্যুৎ কেন্দ্ৰৰ সুৰংগৰ ভিতৰত আৰু বহু শ্ৰমিক আবদ্ধ হৈ আছে। উদ্ধাৰকাৰীসকলে জনোৱা মতে, তলৰ পৰা আৰু কেইবাজনো শ্ৰমিকৰ কণ্ঠস্বৰ শুনিবলৈ পোৱা গৈছে। তেওঁলোককো শীঘ্ৰে সুস্থ অৱস্থাত উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।
প্ৰাকৃতিক দুৰ্যোগৰ ফলত নেপালত উদ্ধাৰ অভিযান বাৰে বাৰে বাধাগ্ৰস্ত হৈছে। হঠাতে অহা বানত বহু উদ্ধাৰ সামগ্ৰী উটি গৈছে। ক্ষতিগ্ৰস্ত সামগ্ৰীৰে কোনো মতে নেপালৰ সেনাবাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। বোকা আৰু ধ্বংসাৱশেষে সুৰংগৰ মুখ বন্ধ কৰি পেলাইছিল। সেইবোৰ আঁতৰাই শ্ৰমিকসকলক উদ্ধাৰৰ চেষ্টা চলি আছে।
ইফালে ৰাছুৱাৰ লাংটাং খোলা জলবিদ্যুৎ প্ৰকল্পত ত্ৰিশূলীৰ দৰে কোনো শ্ৰমিকক জীৱিত উদ্ধাৰ কৰিব পৰা হোৱা নাই। সেই স্থানত সেনাবাহিনীয়ে সুৰংগৰ ভিতৰত ১৫০ মিটাৰ আগুৱাই গৈ দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিছে। ভিতৰত আৰু শ্ৰমিক আবদ্ধ হৈ থাকিব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰকল্পটোত ৪১জন শ্ৰমিক কাম কৰি আছিল।
শুকুৰবাৰে পুৱা পৰ্যন্ত নেপালত ১,২৫৯জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে, ৫,০৫৩জন এতিয়াও সন্ধানহীন হৈ আছে। সন্ধানহীন লোকসকলৰ ভিতৰত বহু ভাৰতীয় পৰ্যটকো আছে।































