Cyber criminal arrested:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ হাতীগাঁৱৰ চিজুবাৰীত নিশা হাতীগাঁও আৰক্ষীয়ে অৰ্তকিতে চলোৱা অভিযানত আটক হয় কে’বাজনো চাইবাৰ অপৰাধী ৷
ADVERTISEMENT
চিজুবাৰীৰ হোটেল ষ্টাৰ ইনত কে’ইজনমান সন্দেহজনক লোক বাহৰ পাতি থকাৰ সম্ভেদ স্থানীয় লোকে দিয়ে আৰক্ষীক৷সেই অনুসৰি নিশাই আৰক্ষীয়ে হোটেল খনত অভিযান চলাই কেইবাজনো চাইবাৰ অপৰাধীক আটক কৰাৰ লগতে সোধপোছৰ বাবে হোটেলখনৰ মেনেজাৰ, কৰ্মচাৰীকো আটক কৰে৷































