Dr.Hiren Gohain Special Reactions: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বৃহস্পতিবাৰে মিত্ৰতা ভংগৰ পিছতে দুয়োটা দলে ইটোৱে সিটোৰ বিৰুদ্ধে বিষেদাগাৰ প্ৰকাশ কৰি থকাৰ মাজতে দুয়োটা দলৰ মিত্ৰতাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা বিশিষ্ট বুদ্ধিজীৱী ড:হীৰেন গোহাঁইয়ে শনিবাৰে ছ’চিয়েল মেডিয়াৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷
বিশেষকৈ অখিল গগৈ সন্দর্ভত ছ’চিয়েল মেডিয়াত ড:গোহাঁইয়ে বিশেষ পোষ্ট দি উল্লেখ কৰে যে
বহুত চিন্তা ভাৱনা কৰি অৱশেষত মই অখিল গগৈৰ বৰ্তমান ভূমিকাৰ বিষয়ে মোৰ ধাৰণা ব্যক্ত কৰিছোঁ।
ৰাইজৰ দলত বহুত সৎ কৰ্মী আছে।আৰু এইটোও সত্য যে প্ৰথমৰ পৰা নানা কথাত মই অখিলক সমৰ্থন কৰি আহিছো।কিন্তু সমালোচনাও যথেষ্ট কৰি আছো।
কিন্তু এতিয়া এটা সামগ্ৰিক মূল্যায়নৰ সময় আহিছে।চমু মন্তব্য।
প্ৰথমতে অখিলৰ প্ৰধান লক্ষ্য,যি কোনো উপায়ে নিজক যিমান পাৰি ওপৰলৈ তোলা।আৰু এই আকাংক্ষাৰ কোনো উৰ্ধসীমা নাই।তাৰ বাবে আদৰ্শ,বন্ধুত্ব,বুজাবুজি, চুক্তি,নিজা মতামত,সকলো পেলনীয়া কাগজ হব পাৰে।ই ৰাজ্যৰ ৰাজনীতিৰ বাবে হিমন্তৰ উত্থানৰ দৰেই বিপজ্জনক।
কংগ্ৰেছৰ লগত বুজাবুজি কৰিবলৈ যোৱা নিৰ্বাচনৰ আগে আগে আটাইতকৈ ব্যস্ত হৈছিল অখিল।কিন্তু তাৰ সাৰ কথা আছিল বিধান সভাৰ আসন।তেওঁলোকৰ জনসমৰ্থনৰ তুলনাত বহু বেছি আসন আঁকোৰগোজ হৈ দাবী কৰে,আৰু যুক্তিযুক্ত কাৰণত কংগ্ৰেছে দিব নুখুজিলে বাহিৰত হুলস্থুল কৰি কংগ্ৰেছৰ বিৰুদ্ধে কলংক ৰচনা কৰে।ফলত এনে আলোচনাৰ বাবে কংগ্ৰেছৰ ক্ষতিহে হৈছিল।
নানা কথাত মই লক্ষ্য কৰিছিলো যে অখিল অতি কৰ্মপটু হ’লেও কৃত কৰ্মৰ পৰিণাম লৈ মুঠেই চিন্তিত
নহয়।তেওঁ পৰিচালিত হয় কেৱল তেওঁৰ ইচ্ছা,আকাংক্ষা,আৰু খেয়ালৰ দ্বাৰা।আন দল,ব্যক্তি আৰু প্ৰতিষ্ঠানৰ লগত কোনো বুজাবুজি,কোনো প্ৰতিশ্ৰুতি, তেওঁৰ বাবে মান্য নহয়।
শেষ পৰ্যন্ত সহযোগী সকলক বিভ্ৰান্ত কৰি তিক্ত বিৰক্ত কৰি তেওঁ মুক্ত বিহংগ হৈ আঁতৰি যায়।দায়বদ্ধতা তেওঁৰ স্বভাৱ বিৰোধী।তেওঁ হিমন্ত বিশ্বক কেতিয়াবা আকাশত তুলি আৰু কেতিয়াবা নৰকলৈ ঠেলি হাঁহি হাঁহি স্ববিৰোধী বাণী দি অৱশেষত এতিয়া বিশুদ্ধ বন্দনাত লাগিছে।ভবিষ্যতে আৰু কি ভাও লয় তেওঁহে জানে।ৰাইজে ইয়াৰ পৰা বুজিব তেওঁৰ পৰা আৰু কি
আশা কৰিব পাৰি।কিন্তু খেলা যে চলি থাকিব সন্দেহ নাই।”































