CJP: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টি (CJP)ৰ প্ৰতিবাদী কাৰ্যসূচীক লৈ সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈছে। শুকুৰবাৰে নিশাৰ পৰাই কাৰ্যতঃ দুৰ্গত পৰিণত কৰা হৈছে ৰাজধানী দিল্লীক। শনিবাৰে পুৱাই প্ৰতিবাদকাৰীসকলৰ উদ্দেশ্যে এখন মুকলি পত্ৰ প্ৰকাশ কৰে দিল্লী আৰক্ষীয়ে।
সেই পত্ৰত আন্দোলনকাৰীসকলক সোঁৱৰাই দিয়া হৈছে যে তেওঁলোকে যেন পাহৰি নাযায়, ইউনিফৰ্মৰ আঁৰত থকা আৰক্ষীৰ লোকসকলো মানুহ।
পত্ৰখনত লিখা হৈছে, “প্ৰিয় নাগৰিকসকল, আপোনালোকৰ কণ্ঠস্বৰ আপোনালোকৰ অধিকাৰ। আৰু আপোনালোকৰ সুৰক্ষা আমাৰ কৰ্তব্য। ইউনিফৰ্মৰ আঁৰতো এজন মানুহেই আছে, যাৰ নিজৰ পৰিয়াল আৰু আপোন মানুহ আছে। পাৰ্থক্য কেৱল ইউনিফৰ্মৰ, মানৱীয়তাৰ নহয়।”
ইফালে, প্ৰতিবাদৰ পূৰ্বেই নিশাজোৰা অভিযান চলাই প্ৰায় ১,০০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ড্ৰোনৰ জৰিয়তে চলিছে কঠোৰ নিৰীক্ষণ। দিল্লী আৰক্ষীয়ে জনাইছে যে প্ৰতিবাদৰ অনুমতি দিয়া হোৱা নাই। তথাপি যন্তৰ-মন্তৰত কাৰ্যসূচী ৰূপায়ণ কৰিছে ‘ককৰোচ’সকলে।
মধ্য দিল্লীৰ বহু অঞ্চলত ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’ৰ ১৬৩ ধাৰা বলৱৎ হৈ আছে। এই নিষেধাজ্ঞা উলংঘা কৰিলে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে সতৰ্ক কৰি দিছে।
আনহাতে, বিমানতে আটক কৰা হৈছে ককৰোচ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাঙ্কাক। এক কথাত, প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বেই যন্তৰ-মন্তৰৰ কাৰ্যসূচীত কঠোৰ পদক্ষেপেৰে নিয়ন্ত্ৰণ আৰোপ কৰিছে প্ৰশাসনে।
উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত যন্তৰ-মন্তৰত প্ৰতিবাদৰ আহ্বান জনাইছে ‘ককৰোছ’সকলে। জনপথ-কর্তব্যপথৰ সংযোগস্থলৰ চাৰিওফালে ৪ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ সকলো অঞ্চলতে ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
উপ-আৰক্ষী আয়ুক্তই জনোৱা মতে, গৃহ মন্ত্ৰ্যালয়ৰ ওচৰত কৰা তেওঁলোকৰ আবেদনৰ প্ৰতি ইতিবাচক সঁহাৰি লাভ কৰা হৈছে। সাময়িকভাৱে ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ১০ অক্টোবৰৰ নিশা ১০ বজালৈকে এই সেৱা বন্ধ থাকিব। ড্ৰোনৰ জৰিয়তে চলিছে নিৰীক্ষণ।































