NavanethemPillay : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : শান্তি আৰু আন্তর্জাতিক আইনৰ উত্তৰণৰ প্ৰতি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে চলিত বৰ্ষৰ শান্তিৰ ন’বেল বঁটা আগবঢ়োৱা নাভাথেনেম নাভি পিল্লাইৰ পূৰ্বপুৰুষ তামিলনাডুৰ। ১৮৯০ এই দশকত আন বহু ভাৰতীয় শ্রমিকৰ দৰে পিল্লাইৰ ককাক-আইতাকক তদানীন্তন ব্রিটিছ শাসকে দক্ষিণ আফ্রিকালৈ নিছিল।
উদ্দেশ্য আছিল এই ভাৰতীয় শ্রমিকসকলক দক্ষিণ আফ্রিকাত কুঁহিয়াৰ খেতিৰ কামত নিয়োজিত কৰা। লোভনীয় বেতন আদায়ৰ প্রলোভন দি ব্ৰিটিছে এই ভাৰতীয় শ্রমিকসকলক দক্ষিণ আফ্রিকালৈ নি তাত তেনেই সামান্য মজুৰিত কুঁহিয়াৰ উৎপাদনৰ কামত নিয়োগ কৰে।
সামান্য মজুৰিৰ বিনিময়ত কুঁহিয়াৰৰ খেতি কৰিবলৈ বাধ্য কৰোৱা এই শ্রমিকসকলৰ জীৱন দাসসদৃশ আছিল। তেওঁলোকৰ অধিকাৰ বুলিবলৈ একো নাছিল। ব্রিটিছ শাসকৰ বিৰুদ্ধে মাতমাতিলে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল বা আন শাস্তি বিহা হৈছিল।
গতিকে একপ্ৰকাৰ দাসৰ দৰে তেওঁলোকে জীবন অতিবাহিত কৰিবলগীয়া হৈছিল। পিল্লাইৰ ককাক-আইতাকৰ জীৱনো ব্যতিক্রম নাছিল। ১৯৪১৩ নাটাল প্ৰদেশত পিল্লাইৰ জন্ম হয়। তেওঁ আঠ ভাই-ভনীৰ পঞ্চম।
তেওঁলোকৰ পিতৃ নাৰায়ণস্বামী নাইডু আৰু মাতৃ ছান্থামা নাইডু নিচেই কম বয়সতে বিবাহপাশত আবদ্ধ হৈছিল। দুয়োৰে বিবাহ ঘৰৰ পৰা ঠিক কৰা হৈছিল। অভাৱ-অনাটনত পিষ্ট হৈ নাৰায়ণস্বামীয়ে বাছ চলাই আৰু শ্ৰমিকৰ কাম কৰি জীৱিকা অর্জন কৰিছিল।
সময় পালে তেওঁ বৰশী টোপাই মাছো ধৰিছিল। কঠোৰ পৰিশ্ৰম কৰি অৰ্জন কৰা ধনৰে আঠটিকৈ সন্তানক তেওঁ ডাঙৰ-দীঘল কৰিছিল। এই দৰিদ্ৰ পৰিয়ালৰে সন্তান পিল্লাই আজি বিশ্বজুৰি খ্যাত হ’ল।
আইনজীৱীৰ জীৱনত তেওঁ সৰ্বদা দৰিদ্ৰ, শ্ৰমিকৰ কল্যাণৰ হকেও মাত মাতি আহিছে।উল্লেখ্য যে ১৮৬০-১৯১১ৰ সময়ছোৱাত ব্রিটিছ শাসকে তামিলনাডু, বিহাৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ পৰা দক্ষিণ আফ্ৰিকাৰ নাটাল প্ৰদেশলৈ কমেও ডেৰ লক্ষ ভাৰতীয় শ্রমিকক নিছিল।
পৰৱৰ্তী সময়ত এই ভাৰতীয় শ্রমিকসকলে দুর্দশাপূর্ণ জীৱন অতিবাহিত কৰিবলগীয়া হয়।
ন্যায়াধীশ পিল্লাইৰ জীৱন সম্পৰ্কত লেখিকা তথা অধ্যাপিকা ছেম নাইডুৰ এখন গ্রন্থও আছে। ‘নবি পিল্লাই: ৰিয়েলাইজিং হিউমেন ৰাইট্ছ ফ’ৰ অল’ শীর্ষক এই গ্রন্থত নাইডুবে উল্লেখ কৰিছে যে ১৮৯০ৰ দশকত পিল্লাইৰ ককাক-আইতাকক ব্রিটিছে শ্রমিকরূপে দক্ষিণ আফ্রিকালৈ নিছিল। পাছত আন ভাৰতীয় শ্রমিকৰ দৰে তেওঁলোককো নাটাল প্ৰদেশৰ কুঁহিয়াৰৰ খেতিত শ্রমিকৰূপে ব্রিটিছে নিয়োগ কৰে। অর্থাৎ ন্যায়াধীশ পিল্লায়ে মুখত সোণৰ চামুচ লৈ জন্ম হোৱা নাছিল।






























